আই ডব্লিউ এল এফ এথলীটছ কমিছনৰ সভাপতি নিৰ্বাচিত মিৰাবাই চানু
নতুন দিল্লী, ১৫ এপ্ৰিল (হি.স.)। অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মিৰাবাই চানু আৰু কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী এছ সতীশ কুমাৰক ক্ৰমে ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ খেলুৱৈ আয়োগৰ সভাপতি আৰু উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। দুয়োৰে কাৰ্যকাল চাৰি বছৰৰ হ’ব।
ओलंपिक रजत पदक विजेता मीराबाई चानू


নতুন দিল্লী, ১৫ এপ্ৰিল (হি.স.)। অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মিৰাবাই চানু আৰু কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী এছ সতীশ কুমাৰক ক্ৰমে ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ খেলুৱৈ আয়োগৰ সভাপতি আৰু উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। দুয়োৰে কাৰ্যকাল চাৰি বছৰৰ হ’ব।

মিৰাবাই ভাৰতৰ অন্যতম সন্মানীয় ভাৰোত্তোলক, তেওঁৰ নামত কেইবাটাও ৰাষ্ট্ৰীয় অভিলেখ আৰু ঐতিহাসিক কৃতিত্ব লাভ কৰিছে। মুঠ ভাৰোত্তোলনত তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন ২০৫ কেজি, (স্নেচত ৮৬ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১১৯ কিলোগ্ৰাম) যিটো ৰাষ্ট্ৰীয় অভিলেখো। ৮৮ কিলোগ্ৰাম ওজন তুলি স্নেচতো ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে।

টকিঅ’ ২০২০ অলিম্পিকত ৰূপৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ভাৰোত্তোলক হিচাপে পৰিগণিত হয়, যিটো দেশৰ এই ক্ৰীড়াৰ বাবে এক উল্লেখযোগ্য মুহূৰ্ত হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে ২০১৭ চনত ২২ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই দুটা দশকৰো অধিক সময়ৰ ভিতৰত বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছিল।

২০১৮ চনত গোল্ড কোষ্টত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ভাৰোত্তোলনত সতীশে স্বৰ্ণ পদক লাভ কৰে। পুৰুষৰ ৭৭ কেজি শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ মুঠ ৩১৭ কেজি – স্নেচত ১৪৪ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৭৩ কেজি ওজন তুলিছিল। কমনৱেলথ গেমছৰ এইটোৱেই আছিল তেওঁৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে স্বৰ্ণ পদক। ইয়াৰ পূৰ্বে ২০১৪ চনত গ্লাছগোত এই খিতাপ লাভ কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande