সুদিৰমন কাপ ২০২৫: বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপত অংশ ল’ব নোৱাৰা সাতৱিক-চিৰাগৰ প্ৰত্যাৱৰ্তন
নতুন দিল্লী, ১৫ এপ্ৰিল (হি.স.)। ভাৰতে সুদিৰমান কাপৰ বাবে মঙলবাৰে ঘোষণা কৰাৰ ১৪ জনীয়া দল অনুসৰি পুৰুষৰ ডাবলছ যুটি সাতৱিক সাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে পুনৰ খেলপথাৰত নামিব। ১৬খন দেশৰ মিক্সড টিম ইভেণ্ট সুদিৰমান কাপ ২৭ এপ্ৰিলৰ পৰা ৪ মে’লৈ চীনৰ
सुदीरमन कप 2025 के लिए भारतीय टीम


নতুন দিল্লী, ১৫ এপ্ৰিল (হি.স.)। ভাৰতে সুদিৰমান কাপৰ বাবে মঙলবাৰে ঘোষণা কৰাৰ ১৪ জনীয়া দল অনুসৰি পুৰুষৰ ডাবলছ যুটি সাতৱিক সাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে পুনৰ খেলপথাৰত নামিব। ১৬খন দেশৰ মিক্সড টিম ইভেণ্ট সুদিৰমান কাপ ২৭ এপ্ৰিলৰ পৰা ৪ মে’লৈ চীনৰ জিয়ামেনত অনুষ্ঠিত হ’ব।

যোৱা সপ্তাহত চীনৰ নিংবোত অনুষ্ঠিত হোৱা বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপত আঘাতৰ বাবে সাতৱিক-চিৰাগে অংশগ্ৰহণ কৰা নাছিল। অৱশ্যে কন্টিনেণ্টেল চেম্পিয়নশ্বিপতো অংশ ল’ব নোৱাৰা আঘাতপ্ৰাপ্ত মহিলা ডাবলছ যুটি তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দক দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই। তেওঁলোকৰ বিশ্ব ৰেংকিঙৰ ভিত্তিত ভাৰতে প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰে।

সুদিৰমান কাপ ২০২৫ৰ সম্পূৰ্ণ ভাৰতীয় দলটো ইয়াত দিয়া হ’ল:

পুৰুষৰ একক - লক্ষ্য সেন, এইচ এছ প্ৰণয়

মহিলাৰ একক - পি.ভি. সিন্ধু, অনুপমা উপাধ্যায়

পুৰুষৰ ডাবলছ - সাতৱিক সাইৰাজ ৰণকিৰেড্ডী/চিৰাগ শ্বেট্টী, হৰিহৰণ আমস্কৰুণন/ৰুবন কুমাৰ ৰেথিনাছাবপতি

মহিলা ডাবলছ - শ্ৰুতি মিশ্ৰ/প্ৰিয়া কনজেংবাম

মিক্সড ডাবলছ- তনিষা ক্ৰাষ্টো/ধ্ৰুৱ কপিলা, আদ্যা ৱৰিয়াথ/সতীশ কুমাৰ

সুদিৰমান কাপৰ বাবে গ্ৰুপসমূহ:

গ্ৰুপ ক - আলজেৰিয়া, চীন, হংকং, চীন, থাইলেণ্ড

গ্ৰুপ বি - কানাডা, চাইনিজ টাইপেই, চেকিয়া, কোৰিয়া

গ্ৰুপ চি - অষ্ট্ৰেলিয়া, ফ্ৰান্স, জাপান, মালয়েছিয়া

গ্ৰুপ ডি - ডেনমাৰ্ক, ইংলেণ্ড, ভাৰত, ইণ্ডোনেছিয়া

প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব।

ভাৰতৰ গ্ৰুপ পৰ্যায়ৰ খেল

২৭ এপ্ৰিল - ভাৰত বনাম ডেনমাৰ্ক

২৯ এপ্ৰিল - ভাৰত বনাম ইণ্ডোনেছিয়া

০১ মে' - ভাৰত বনাম ইংলেণ্ড

বিন্যাস

প্ৰতিখন টাইতে পাঁচখন মেচ অনুষ্ঠিত হ’ব – পুৰুষৰ একক, মহিলাৰ একক, পুৰুষৰ ডাবলছ, মহিলাৰ ডাবলছ আৰু মিক্সড ডাবলছ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande