কাৰ্বি আংলং, ১৫ এপ্ৰিল(হি.স.)। কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰীজানত আজি আৰক্ষীৰ নিয়মিয়া তালাচী সময়ত ৭.৬৫ পিষ্টল সহ পাচজাই সজীৱ গুলী উদ্ধাৰ কৰিব সক্ষম হয় আৰক্ষী।
মাৰাণাস্ত্ৰ সৰবৰাহ কৰাৰ অভিযোগত চাৰিজন নগা দুৰ্বিত্তক ইতিমধ্যে আটক কৰি আৰক্ষী জিম্মাত ৰখা হৈছে । বৰ্তমান দুৰ্বিত্ত চাৰিজনক লাহৰিজান আৰক্ষী থানাত জেৰা চলাই থকা হৈছে। দুৰ্বিত্ত চাৰিজনক ধৃত পাঙবা, নিউটো ৰাখি, টিচডি নাখা, কউটো ৰাখ বুলি আৰক্ষীয়ে জানিব দিয়ে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ