ভূপাল, ১৫ এপ্ৰিল (হি.স.)। মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয়ে শেহতীয়াকৈ যোগ গুৰু বাবা ৰামদেৱে চৰ্বত সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে বাবাই নিজৰ সামগ্ৰীৰ প্ৰচাৰৰ সময়ত ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন কৰিছে।
মঙলবাৰে ৰাজধানী ভূপালৰ টি টি নগৰ থানাত এজাহাৰ দাখিল কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে। তেওঁ অভিযোগ কৰিছে যে বাবা ৰামদেৱে তেওঁৰ সামগ্ৰীৰ প্ৰচাৰৰ সময়ত এনেধৰণৰ মন্তব্য কৰি ৰাইজৰ ধৰ্মীয় আৱেগক আঘাত হানিছে। শেহতীয়াকৈ বাবা ৰামদেৱে তেওঁৰ এটা চৰ্বতৰ প্ৰচাৰৰ সময়ত দেশৰ এটা সুনামধন্য চৰ্বত ব্ৰেণ্ডৰ ওপৰত মন্তব্য কৰিছিল যে সেই ব্ৰেণ্ড ক্ৰয় কৰিলে দেশত মাদ্ৰাছা নিৰ্মাণ হ’ব। এই বক্তব্যত আপত্তি প্ৰকাশ কৰি দিগ্বিজয় সিঙে থানাত এজাহাৰ দাখিল কৰিছে।
দিগ্বিজয় সিঙে কয় যে বৰ্তমানৰ আইনৰ অধীনত এই বক্তব্য দিয়া ব্যক্তিজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব লাগে। তেওঁ কয় যে মই এসপ্তাহ অপেক্ষা কৰিম, যদি কোনো ব্যৱস্থা লোৱা নহয় তেন্তে মই আদালতৰ কাষ চাপিম। বিষয়টো নিশ্চিত কৰি অতিৰিক্ত ডিচিপি ৰশ্মি আগৰৱালা ডুবেই কয় যে দিগ্বিজয় সিঙে লিখিত অভিযোগ দাখিল কৰিছে আৰু বিষয়টোৰ তদন্ত চলি আছে। আৰক্ষীয়ে জনোৱা মতে, বক্তব্য আৰু প্ৰমাণৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া