বিশ্বনাথ, ১৫ এপ্ৰিল (হি.স.): বসন্ত আগমণৰ লগে লগে মানুহৰ মাজলৈ আহে ব্যাপক উৎসাহ উদ্দীপনা ৷ মন হৈ পৰে ৰঙীন ৷ চাৰিওফালে কেৱল উৎসৱমুখৰ পৰিবেশ ৷ আদিবাসী সকলৰ বাহা পৰৱৰ সমান্তৰালকৈ বহাগ বিহুৰ বিশেষ মাত্ৰা প্ৰদান কৰা উড়িআভাষী সকলেও চ’তৰ সংক্ৰান্তিত উদযাপন কৰে শ্ৰীশ্ৰীদণ্ডকালীপুজা ৷ বিশ্বনাথৰ ঘিলাধাৰী কালী মন্দিৰৰ প্ৰাংগনত উলহমালহেৰে উদযাপন কৰা হয় শ্ৰীশ্ৰীদণ্ডকালী পুুজা ৷ অগনন ভক্তৰ সমাবেশ হোৱা পুজাভাগৰ পৰম্পৰাগত মাংগলিক নীতি বিধিৰে মাজেৰে পুজাপৰ্ব কৰা হয় ৷
দণ্ডভক্ত সকলে ১৩ দিন বিশেষ ভাবে উপবাসে থাকি ৰাইজৰ মংগল কামনাৰে বিভিন্ন প্ৰান্তত পুজা উপাসনা কৰা মাংগলিক পৰম্পৰাগত ধৰ্মীয় পৰিক্ৰমা সমাপন কৰে ৷ তাৰপাছতে সাৰ্বজনীনভাবে শ্ৰীশ্ৰীদণ্ডকালী মন্দিৰত পুজা পৰ্ব কৰা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে দণ্ডভক্ত সকলে সাধনাত থাকি ভক্তিৰ পৰিচয় দিয়া এই পুজাভাগৰ আছে বিশেষ বিশেষত্ব ৷ অগ্নিৰ শিখাকুণ্ডত প্ৰবেশ কৰি তেওঁলোকৰ সাধনাকৃত পবিত্ৰ মনৰ পৰিচয় দিয়ে দণ্ডভক্ত সকলে ৷ আনহাতে দেওধ্বনী নৃত্য পুজাভাগৰ এক অনন্য ভক্তিৰ পৰিচায়ক ৷ ৰাইজৰ দুখ দুৰ্দশাৰ আতৰাই বছৰটোৰ শান্তিৰ মাৰ্গদৰ্শন দিয়া এই দেউধ্বনী নৃত্য পৰ্ব বেচ চৰ্চিত ৷ দেওধ্বনী নৃত্য পৰ্বত ভগৱানৰ বিধান হিচাবে মানি লোৱা বহুলোকে উপকৃত হোৱা বুলি মান্য কৰা হয় ৷
ইফালে বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাৰ পুজাভাগত উপস্থিত হৈ শ্ৰীশ্ৰীদণ্ডকালী মন্দিৰত পুজা সেৱা কৰাৰ লগতে ইষ্টদেৱতাৰ আশীষ লয় ৷পুজাভাগৰ উপলক্ষ্যত আয়োজিত অভ্যৰ্থনা অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে বিশিষ্ট সমাজকৰ্মী সুজিত ভুমিজ, সুচিত্ৰ পাইক তৰুণ নাগ, শিক্ষক, সমাজসেৱক কৃষ্ণ পাতৰ, লাচিত পাতৰকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ সম্বৰ্দ্ধনা জনোৱা হয় ৷ অভ্যৰ্থনা অনুষ্ঠানটিৰ আঁত ধৰে উদযাপন সমিতি বিষয় ববীয়া প্ৰতীম পানতাঁতি আৰু উমেশ পানতাঁতিয়ে ৷ এইদৰে পুজাভাগৰ বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ মাজেৰে শ্ৰীশ্ৰীদণ্ডকালীপুজাৰ সফল সামৰণি পৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ