নতুন দিল্লী, ১৫ এপ্ৰিল (হি.স.)। চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে শাসক-বিৰোধী দলৰ ৰাজনৈতিক দলসমূহে কৌশল ৰচনা কৰিবলৈ আৰম্ভ কৰিছে। এনে পৰিপ্ৰেক্ষিতত মঙলবাৰে দিল্লীত ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছৰ এখন বৈঠক অনুষ্ঠিত হয়।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে অংশগ্ৰহণ কৰে। এতিয়া ১৭ এপ্ৰিলত পাটনাত এখন বৈঠক আহ্বান কৰা হৈছে, য’ত ভৱিষ্যতৰ নিৰ্বাচনী কৌশলৰ বিষয়ে আলোচনা কৰা হৈছে, য’ত আন বিৰোধী দলৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
কংগ্ৰেছৰ সভাপতি খৰ্গেৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল, বিহাৰ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত কৃষ্ণ আল্লাভাৰু আৰু দলৰ ৰাজ্যিক সভাপতি ৰাজেশ কুমাৰে অংশগ্ৰহণ কৰে। ইফালে আৰজেডিৰ সাংসদ মনোজ ঝাও সভাত অংশগ্ৰহণ কৰে।
বৈঠকৰ অন্তত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে কয় যে আজিৰ বৈঠকত ভৱিষ্যৎ মিত্ৰজোঁট শক্তিশালী কৰাৰ কথা চিন্তা কৰা হৈছে। এইবাৰ বিহাৰত নিশ্চয় পৰিৱৰ্তন আহিব। তেওঁ কয় যে আগন্তুক নিৰ্বাচনত আমি বিহাৰৰ জনসাধাৰণক এক শক্তিশালী, ইতিবাচক, ন্যায়সংগত আৰু কল্যাণমূলক বিকল্প দিম। যুৱক-যুৱতী, কৃষক-শ্ৰমিক, মহিলা, পিছপৰা, অত্যন্ত পিছপৰা আৰু সমাজৰ আন সকলো শ্ৰেণীৰ মানুহে বিহাৰত এখন গ্ৰেণ্ড এলায়েন্স চৰকাৰ বিচাৰে।
বিহাৰক প্ৰগতিৰ পথত আগুৱাই নিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে আৰজেডি নেতা তেজস্বী যাদৱে। বিহাৰ আৰ্থিকভাৱে আটাইতকৈ পিছপৰা, জনমূৰি আয় আটাইতকৈ কম, কৃষকৰ আয়ো কম। এই সকলোবোৰ বিষয়ত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰো। চৰকাৰৰ অভাৱ-অভিযোগসমূহ জনসাধাৰণৰ আগত উদঙাই দিয়াটো আমাৰ দায়িত্ব। গ্ৰেণ্ড এলায়েন্সৰ পৰা মুখ্যমন্ত্ৰীৰ মুখ সন্দৰ্ভত তেওঁ কয় যে এই বিষয়ে অধিক বিবেচনা কৰা হ’ব যদিও এইবাৰ বিহাৰত এন ডি এ চৰকাৰ নহ’ব সেয়া নিশ্চিত।
বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি বিহাৰ কংগ্ৰেছৰ প্ৰভাৰী কৃষ্ণ আল্লাভাৰুৱে কয় যে ১৭ এপ্ৰিলত পাটনাত এখন বৈঠক অনুষ্ঠিত কৰি পৰৱৰ্তী বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব। সেই বৈঠকত আমি সকলো দলৰ সৈতে এক ঐকমত্য গঢ়ি তুলি আৰু এক শক্তিশালী কৌশলেৰে আগবাঢ়ি যাম।
বিহাৰ কংগ্ৰেছৰ সভাপতি ৰাজেশ কুমাৰে কয় যে আজিৰ বৈঠকত বহু বিষয়ৰ ওপৰত আলোচনা কৰা হয়। আমি পূৰ্ণ শক্তি আৰু ঐক্যৰে এন ডি এ চৰকাৰৰ বিৰুদ্ধে যুঁজ দিম।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া