মৰিগাঁও, ১৫ এপ্ৰিল (হি.স.)। মৰিগাঁও জিলা কাৰাগাৰত পহিলা ব'হাগৰ দিনা ৰিতম সিঙৰ খৱৰ ল'লে সাংসদ গৌৰৱ গগৈয়ে। পহিলা ব'হাগৰ দিনা মৰিগাঁও জিলা কাৰাগাৰত বন্দী হৈ থকা ৰিতম সিঙৰ খৱৰ ল'লে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে। অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ বাবে ৰিতম সিঙক ইটোৰ পিছত সিটোকৈ গোচৰ জাপি দিছে বিজেপি চৰকাৰে বুলি বিস্ফোৰক অভিযোগ সাংসদ গৰাকীৰ।
আইন উলংঘা কৰা সন্দৰ্ভত শেহতীয়াকৈ বিজেপি চৰকাৰে কেনেকুৱা স্থিতি গ্ৰহণ কৰিছে সেইয়া সকলোৱে দেখিবলৈ পাইছে। অসমৰ মানুহে এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে মুকলি ভাৱে কথা কবলৈ ভয় খোৱা হৈছে। হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, পীয়ুষ হাজৰিকাৰ লগতে মানৱ ডেকাৰ দৰে বিজেপি নেতাই অসমৰ মানুহক এতিয়া ভয়ৰ পিঞ্জৰাত আৱদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰাৰ বিৰুদ্ধে আমি যুঁজি যাম আৰু সেই ভয় আমি নাইকীয়া কৰাৰ সংকল্প গ্ৰহণ কৰিছো বুলি অৱগত কৰে সাংসদ গৌৰৱ গগৈয়ে।
আনহাতে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত সোধা প্ৰশ্নোত্তৰত দলীয় কৰ্মী সকলে যথেষ্ট কষ্ট কৰি আছে আৰু কষ্ট কৰিব লাগিব বুলি জানিব দিয়ে। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ দলীয় নেতৃত্বৰ ওপৰত উঠা অভিযোগ সন্দৰ্ভত সাংসদ গৰাকীয়ে কয় যে সেই অভিযোগ সমূহ আমি গ্ৰহণ কৰি আছো আৰু লিখিত অভিযোগ সমূহ আমি এআইচিচি হাইকমাণ্ডক দিম। দলীয় মঞ্চত সেই অভিযোগ সমূহ আলোচনা কৰি সমাধান কৰা হ'ব। দলীয় সকলো কথা সাংবাদিক সকলৰ আগত ৰাজহুৱা কৰাটো বৰ্তমান সময়ত উচিত নহ'ব বুলি কোৱাৰ সমান্তৰালকৈ দলীয় প্ৰত্যেকটো অভিযোগ গুৰুত্ব সহকাৰে লোৱা হৈছে বুলি জানিব দিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু