লক্ষ্ণৌ, ২৯ মাৰ্চ (হি.স.)। পাটনাৰ পৰা দিল্লীলৈ যোৱা ইণ্ডিগো বিমানত শনিবাৰে মৃত্যু হয় এজন যাত্ৰীৰ। ইয়াৰ পিছতে বিমানখন লক্ষ্ণৌৰ আমাউছি বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলৈ কৰা হয়। আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে।
সৰোজিনী নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজদেৱ প্ৰজাপতিয়ে আজি কয় যে ইণ্ডিগোৰ বিমান নম্বৰ (৬-ই-২১৬৩) পাটনাৰ পৰা দিল্লীলৈ গৈ আছিল। অসমৰ নলবাৰী নিবাসী সতীশ চন্দ্ৰ বৰ্মনে পত্নী কাঞ্চন আৰু জোঁৱাই কেশৱৰ সৈতে এই বিমানত যাত্ৰা কৰিছিল। এই সময়ছোৱাত তেওঁৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিছিল। এই তথ্য তেওঁক বিমানবন্দৰ প্ৰশাসনে দিয়া বুলি জানিবলৈ দিয়ে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে।
তেওঁ কয় যে পৰিয়ালক জনোৱাৰ পিছত ক্ৰুৱে পাইলটক এই বিষয়ে অৱগত কৰে। পাইলটে ওচৰৰ আমাউছি বিমানবন্দৰত জৰুৰী অৱতৰণৰ বাবে কৰ্তৃপক্ষৰ পৰা অনুমতি লৈ বিমানখন অৱতৰণ কৰে। বিমানবন্দৰত উপস্থিত স্বাস্থ্য বিভাগৰ দলটোৱে পৰীক্ষাৰ অন্তত যাত্ৰীজনক মৃত ঘোষণা কৰে। সৰোজিনী নগৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত মৃতদেহটো জিম্মাত লৈ কেজিএমইউলৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰি আছে আৰক্ষী।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী