নতুন দিল্লী, ২৪ মাৰ্চ (হি.স.)। আগন্তুক যোগ দিৱসৰ বাবে সমগ্ৰ দেশতে আয়োজন কৰা যোগ কাৰ্যসূচীৰ অংশ হিচাপে নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ’পেথীয়ে সোমবাৰে মেঘালয়ৰ নংৰিয়াটৰ ডাবল ডেকাৰ লিভিং ৰুট ব্ৰীজত যোগ কাৰ্যসূচীৰ আয়োজন কৰে।
অংশগ্ৰহণকাৰীসকলৰ বাবে এয়া আছিল এক অনন্য অভিজ্ঞতা। আয়ুষ মন্ত্ৰালয়ে সোমবাৰে কয় যে যোগ ধৈৰ্য্য, শক্তি আৰু ভাৰসাম্যৰ প্ৰতীক। এই কাৰ্যসূচীয়ে প্ৰাচীন প্ৰজ্ঞাই কেনেকৈ আধুনিক স্বাস্থ্যৰ সৈতে নিৰৱচ্ছিন্নভাৱে মিলি এটা পৰিপূৰ্ণ জীৱনক অনুপ্ৰাণিত কৰিব পাৰে তাৰ প্ৰতীক। ইয়াৰ লগে লগে এই প্ৰাচীন দলঙত পৰিবেশন কৰা প্ৰতিটো আসনৰ পৰা বাৰ্তা স্পষ্ট হৈ পৰে যে যোগ কেৱল ষ্টুডিঅ’তে সীমাবদ্ধ নহয়।
মন কৰিবলগীয়া যে লিভিং ৰুট দলংখন ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যত অন্তৰ্ভুক্ত হোৱাৰ প্ৰক্ৰিয়া চলি আছে। ৰবৰ আৰু ডুমুৰ গছৰ শিপাৰ পৰা সম্পূৰ্ণ প্ৰাকৃতিকভাৱে বোৱা এই দলংখনে সময়ৰ লগে লগে শক্তিশালী হৈ উঠা এক জীৱন্ত পথৰ সৃষ্টি কৰে। মন্ত্ৰালয়ে কয় যে এই দলঙত যোগাসন অনুষ্ঠানৰ আয়োজন কৰাটোৱে প্ৰতীক হিচাপে দেখুৱাইছে যে যোগাসন কেনেকৈ কেৱল এটা ব্যায়ামতকৈও অধিক, ই প্ৰকৃতিৰ সৈতে মিল থকা জীৱনশৈলী।
২০১৪ চনত ৰাষ্ট্ৰসংঘই ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা ভাৰতে নিজৰ কিছুমান চিনাকি গন্তব্যস্থানত যোগাসনৰ আয়োজন কৰি বিশ্বৰ বাবে যোগ অভিজ্ঞতাক পুনৰ সংজ্ঞায়িত কৰিছে। তাজমহলৰ পৰা ক’নাৰ্ক সূৰ্য্য মন্দিৰলৈকে, গেটৱে অৱ ইণ্ডিয়াৰ পৰা ৰেড ফ’ৰ্টলৈকে প্ৰতিখন ঠাইয়ে ইতিহাস, সংস্কৃতি আৰু সমৃদ্ধিৰ কাহিনী কয়। এতিয়া লিভিং ৰুট ব্ৰীজেও এই তালিকাত যোগদান কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া