ভেলেন্সিয়া, ২৪ মাৰ্চ (হি.স.)। ইউএফএ নেচনছ লীগৰ ডিফেণ্ডিং চেম্পিয়ন স্পেইনে পেনাল্টি শ্বুটআউটত নেদাৰলেণ্ডক ৫-৪ গ’লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। দেওবাৰে অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ দ্বিতীয় কোৱাৰ্টাৰ ফাইনেলত দুয়োটা দলে ৩-৩ গ’লত ড্ৰ’ কৰি মুঠ স্ক’ৰ ৫-৫লৈ লৈ যায় আৰু মেচখন পেনাল্টিলৈ যায়।
শ্বুটআউটত ডনেল মেলেনে নিজৰ কিকটো মিছ কৰাৰ বিপৰীতে বাৰ্চিলোনাৰ যুৱক পেড্ৰিয়ে নিৰ্ণায়ক গ’লটো দি স্পেইনক জয়লাভ কৰে। খেলখনৰ সময়ত স্পেইনৰ হৈ মাইকেল অয়াৰজাবালে প্ৰথমটো গ’ল দিয়ে যদিও পেনাল্টি স্পটৰ পৰা মেম্ফিছ ডেপেইয়ে সমতা স্থাপন কৰে। অয়াৰজাবালে স্পেইনক পুনৰ অগ্ৰগতি প্ৰদান কৰে যদিও ইয়ান মাটচেনৰ চমৎকাৰ গ’লে মেচখন অতিৰিক্ত সময়লৈ প্ৰেৰণ কৰে।
শ্বুটআউটত পেনাল্টি কিক মিছ কৰা বাৰ্চিলোনাৰ উদীয়মান তাৰকা লেমিন ইয়ামালে অতিৰিক্ত সময়ত এটা চমৎকাৰ গ’ল দি স্পেইনক অগ্ৰগতি লাভ কৰে যদিও পেনাল্টিৰ জৰিয়তে জাভি ছিমনছে সমতা স্থাপন কৰি টাই শ্বুটআউটলৈ প্ৰেৰণ কৰে।
ৰটাৰডেমত অনুষ্ঠিত হোৱা প্ৰথম লেগত ২-২ গ’লত ড্ৰ’ হোৱাৰ পিছত স্পেইনৰ প্ৰশিক্ষক লুইছ ডি লা ফুয়েণ্টে কিছু পৰিৱৰ্তন সাধন কৰে। আলভাৰো মৰাটা আৰু পেড্ৰিৰ ঠাইত অয়াৰজাবাল আৰু ডানি অলমোৱে স্থান লাভ কৰাৰ বিপৰীতে ডিন হুইচেনে তেওঁৰ জন্মস্থান (নেদাৰলেণ্ড)ৰ বিৰুদ্ধে অভিষেক ঘটায় আৰু উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়।
নেদাৰলেণ্ডৰ প্ৰশিক্ষক ৰ’নাল্ড ক’মেনে অভিষেককাৰী ইয়ান মাটচেনক বাওঁ বেক কৰ্তব্য প্ৰদান কৰিছিল, যাৰ মূল কাম আছিল ১৭ বছৰীয়া ইয়ামালক নিয়ন্ত্ৰণ কৰা। স্পেইনৰ শেহতীয়া সফলতাই ইয়াৰ অনুৰাগীসকলক অনুপ্ৰাণিত কৰিছে আৰু দ্বিতীয় লেগৰ পূৰ্বে ২০ হাজাৰৰো অধিক দৰ্শকে দলটোৰ অনুশীলন অধিবেশন চাইছিল। অক্টোবৰ মাহত ভেলেন্সিয়া অঞ্চলত হোৱা ভয়াৱহ ধুমুহাৰ ফলত হোৱা ক্ষতিৰ বাবে ধন সংগ্ৰহৰ বাবে এই অধিবেশন অনুষ্ঠিত কৰা হয়।
খেলখনৰ আৰম্ভণিতে স্পেইনে পেনাল্টি লাভ কৰে যেতিয়া জান পল ভেন হেকে বাকচৰ ভিতৰত অয়াৰজাবালক তললৈ পেলাই দিয়ে। অয়াৰজাবালে নিজেই পেনাল্টি লৈ বলটো উজ্জ্বলভাৱে গ’লপোষ্টৰ সোঁ ফালে ৰাখে।
ইয়াৰ পিছত তেওঁ আৰু এটা গ’ল দিয়ে যদিও অফছাইড বুলি ৰায় দিয়া হয়। নিকোলাছ উইলিয়ামছেও এক সুন্দৰ সুযোগ সৃষ্টি কৰে যদিও নেদাৰলেণ্ডৰ গ’লৰক্ষক বাৰ্ট ভাৰব্ৰুগেনে এক দৰ্শনীয় ছেভ কৰে।
নেদাৰলেণ্ডতকৈ স্পেইনৰ হৈ খেলাৰ সিদ্ধান্ত লোৱা বৰ্ণমাউথৰ ১৯ বছৰীয়া ডিফেণ্ডাৰ ডিন হুইচেনক ডাচ অনুৰাগীয়ে বু-বু বা-বা কৰিছিল যদিও স্পেইনৰ সমৰ্থকৰ সমৰ্থন লাভ কৰিছিল আৰু ভাল খেলিছিল। স্পেইনে এতিয়া ইউএফএ নেচনছ লীগৰ ছেমি ফাইনেলত স্থান দখল কৰি খিতাপ ৰক্ষাৰ এখোজ ওচৰ চাপিছে।
हिन्दुस्थान समाचार / Monoj Kumar Saikia