নগাঁও, ২৪ মাৰ্চ (হি.স.)। নিষিদ্ধ ড্ৰাগছৰ বিৰূদ্ধে জুৰীয়াৰ আৰক্ষীৰ অভিযান। তিনিটা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত হেৰ'ইন সহ আটক তিনি কুখ্যাত সৰবৰাহকাৰী। এক নিশ্চিত সূত্ৰৰ ভিত্তিত জুৰীয়াৰ মাহগুৰিৰ ফক্কৰউদ্দিন নামৰ এটা কুখ্যাত সৰবৰাহকাৰীৰ বাসগৃহত চলিছিল আৰক্ষীৰ এই অভিযান।
আৰক্ষীৰ অভিযানত আটক হয় মাহগুৰিৰ ফক্কৰউদ্দিন,মুকছেদুল ইছলাম আৰু জিয়াবুৰ ৰহমান নামৰ তিনি কুখ্যাত সৰবৰাহকাৰী।সৰবৰাহকাৰীকেইটাৰ পৰা জব্দকৃত তিনিটা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত হিৰ'ইন খিনিৰ পৰিমাণ ১৪২.৪৭ গ্ৰাম। উল্লেখ্য যে জুৰীয়াৰ পৰা কেৰেলালৈ সন্দেহ যুক্ত হেৰ'ইন খিনি লৈ যোৱাৰ যো-যা চলাওঁতেই জুৰীয়া আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই ড্ৰাগছ সহ আটক কৰে তিনি সৰবৰাহকাৰীক আৰক্ষীয়ে জেৰাৰ অন্তত তিনি সৰবৰাহকাৰীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা