ছিউল, ২৪ মাৰ্চ (হি.স.)। বিগত বছৰৰ পৰা দক্ষিণ কোৰিয়াত চলি থকা ৰাজনৈতিক অশান্তিৰ মাজতে আজি বিৰোধীয়ে বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী হান ডুক-ছুৰ বিৰুদ্ধে সংসদত উত্থাপন কৰা অভিযোগনামা দাখিলৰ প্ৰস্তাৱ সাংবিধানিক আদালতৰ সন্মুখত থিয় নহ’ল। দক্ষিণ কোৰিয়াৰ সাংবিধানিক আদালতে সোমবাৰে প্ৰধানমন্ত্ৰী হানৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাটো নাকচ কৰে।
দক্ষিণ কোৰিয়াৰ দুয়োখন প্ৰধান বাতৰি কাকত দ্য কোৰিয়া হেৰাল্ড আৰু দ্য কোৰিয়া টাইমছে কিছু সময়ৰ পূৰ্বে সাংবিধানিক আদালতৰ সিদ্ধান্তৰ চমু বৰ্ণনা প্ৰকাশ কৰিছিল। ইয়াৰ লগে লগে হানক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পুনৰ পদত নিযুক্তি দিয়া হয় বুলি বাতৰি প্ৰকাশ পাইছে। তেওঁ পুনৰ প্ৰধানমন্ত্ৰী আৰু ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে নিজৰ ভূমিকা গ্ৰহণ কৰিব। দেশৰ বিত্তমন্ত্ৰী চয় চাং-মোকৰ ঠাইত হান আহিব। যোৱা বছৰৰ শেষৰ ফালে হানৰ নিলম্বনৰ পিছৰে পৰা দেশত নেতৃত্ব দি আহিছে মকে।
সাংবিধানিক আদালতৰ আঠজন ন্যায়াধীশৰ ভিতৰত ৫গৰাকীয়ে অভিযোগনামা খাৰিজ কৰিবলৈ ভোটদান কৰে। তেওঁৰ মতামত আছিল যে অভিযোগনামা দাখিলৰ যুক্তি অপৰ্যাপ্ত। এজন ন্যায়াধীশে ইয়াক সমৰ্থন কৰিবলৈ ভোট দিলে। ৰাষ্ট্ৰীয় বিধানসভা অৰ্থাৎ দক্ষিণ কোৰিয়াৰ সংসদে ২৭ ডিচেম্বৰত অভিযোগনামাৰ প্ৰস্তাৱ গৃহীত কৰে। অভিযোগনামা দাখিলৰ প্ৰস্তাৱটোত যুক্তি দিয়া হৈছিল যে ৰাষ্ট্ৰপতি ইউন ছুক-য়লৰ ৩ ডিচেম্বৰত সামৰিক আইন ঘোষণাৰ সৈতে হান জড়িত আছিল। বাকী দুজন ন্যায়াধীশে কোনো মতামত প্ৰকাশ কৰা নাছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া