অক্ষয় কুমাৰৰ ছবি ‘কেছাৰী-২’ৰ টিজাৰ মুকলি, ১৮ এপ্ৰিলত ছবিগৃহত মুক্তি
বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ আগন্তুক ছবি ‘কেছাৰী-২’ৰ বাবে লাইমলাইটলৈ আহিছে। প্ৰায় ৬ বছৰ পূৰ্বে মুক্তি লাভ কৰিছিল কেছাৰী ছবিখন। ‘কেছাৰী’ ছবিখনত ৩৬ নং শিখ ৰেজিমেণ্টৰ ২১ জন জোৱান আৰু দহ হাজাৰ আফগান সৈনিকৰ মাজত হোৱা সৰগড়ী যুদ্ধৰ কাহিনী বৰ্ণনা কৰা হৈছে।
केसरी-2


বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ আগন্তুক ছবি ‘কেছাৰী-২’ৰ বাবে লাইমলাইটলৈ আহিছে। প্ৰায় ৬ বছৰ পূৰ্বে মুক্তি লাভ কৰিছিল কেছাৰী ছবিখন। ‘কেছাৰী’ ছবিখনত ৩৬ নং শিখ ৰেজিমেণ্টৰ ২১ জন জোৱান আৰু দহ হাজাৰ আফগান সৈনিকৰ মাজত হোৱা সৰগড়ী যুদ্ধৰ কাহিনী বৰ্ণনা কৰা হৈছে। এই ছবিখনত অক্ষয় কুমাৰৰ ঈশ্বৰ সিঙৰ চৰিত্ৰত যথেষ্ট প্ৰশংসা লাভ কৰিছে। ইয়াৰ পিছত এই ছবিখনৰ ছিকুৱেল সন্দৰ্ভত দৰ্শকৰ মাজত কৌতুহল বাঢ়িল। ‘কেছাৰী ২’ৰ টিজাৰ মুক্তি পোৱাৰ পাছত অনুৰাগীৰ কৌতুহল শিখৰত উপনীত হৈছে।

অক্ষয় কুমাৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত ‘কেছাৰী: অধ্যায় ২’ৰ টিজাৰ শ্বেয়াৰ কৰি লিখিছে, তেওঁ মূৰটো ওপৰলৈ তুলি লৈছিল। তেওঁলোকৰ নিজৰ খেলতে তেওঁলোকক পৰাস্ত কৰিছিল। ক'লৈ যাব লাগে সেই কথা কৈছিল। ভাৰতে নিশ্চয় জানিবলগীয়া হত্যাকাণ্ডৰ কথা।

১৯১৯ চনৰ জালিয়ানৱালা বাগ হত্যাকাণ্ডত জেনেৰেল ডায়েৰৰ ভূমিকা উদঙাই দিবলৈ ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে থিয় দিয়া বিশিষ্ট অধিবক্তা তথা স্বাধীনতা সংগ্ৰামী চি শংকৰন নায়াৰৰ বায়’পিক। তেওঁৰ এই ঐতিহাসিক যুঁজখন ডাঙৰ পৰ্দাত প্ৰদৰ্শিত হ’ব।

‘কেছাৰী-২’ ছবিখনৰ পৰিচালনা কৰিছে কৰণ সিং ত্যাগীয়ে। ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰ, আৰ. মাধৱন, আৰু অনন্যা পাণ্ডে মুখ্য চৰিত্ৰত। কৰণ জোহৰৰ বহু প্ৰত্যাশিত এই ছবিখন অহা ১৮ এপ্ৰিলত বিশ্বজুৰি চিনেমাগৃহত মুক্তি পাবলৈ গৈ আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande