নতুন দিল্লী, ২৪ মাৰ্চ (হি.স.)। সোণৰ গহণা ডিজাইন আৰু বিপণনত নিয়োজিত কোম্পানী ডিভাইন হীৰা জুৱেলাৰ্ছে আজি কোনো ধৰণৰ উঠা-নমা নোহোৱাকৈ সমতল স্তৰত শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰে। তালিকাভুক্ত হোৱাৰ কিছু সময়ৰ পিছতে বিক্ৰীৰ চাপৰ বাবে কোম্পানীটোৰ শ্বেয়াৰ চাৰ্কিট লেভেল নিম্নগামী হয়। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰ ৯০ টকাৰ মূল্যত জাৰি কৰা হৈছিল। আজি এই শ্বেয়াৰসমূহ বিএছই এছএমই প্লেটফৰ্মত ৯০ টকাৰ স্তৰত তালিকাভুক্ত কৰা হয়। তালিকাভুক্ত হোৱাৰ পিছত বিক্ৰীৰ চাপৰ বাবে কম সময়ৰ ভিতৰতে ষ্টকটো ৮৫.৫০ টকাৰ নিম্ন চাৰ্কিট লেভেললৈ নামি আহে। এইদৰে কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীসকলে প্ৰথম দিনাই ৫ শতাংশ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়।
ডিভাইন হীৰা জুৱেলাৰ্ছৰ ৩১.৮৪ কোটি টকাৰ আই পি অ’ ১৭ৰ পৰা ১৯ মাৰ্চৰ ভিতৰত চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল। এই আই পি অ’ই বিনিয়োগকাৰীৰ পৰা গড় সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ইয়াক সামগ্ৰিকভাৱে ৩.৯৩ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। ইয়াৰে খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশ ৬.৬২ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। এই আই পি অ’ৰ অধীনত ১০ টকাৰ মুদ্ৰা মূল্যৰ ৩৫,৩৭,৬০০ টা নতুন শ্বেয়াৰ জাৰি কৰা হৈছে।
আই পি অ’ৰ জৰিয়তে সংগ্ৰহ কৰা ধন কোম্পানীটোৱে পুৰণি ঋণ পৰিশোধ, ৱৰ্কিং কেপিটেলৰ প্ৰয়োজনীয়তা পূৰণ আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যত ব্যৱহাৰ কৰিব।
কোম্পানীটোৰ আৰ্থিক অৱস্থাৰ কথা ক’বলৈ গ’লে প্ৰস্পেক্টচত কৰা দাবী অনুসৰি ইয়াৰ আৰ্থিক স্বাস্থ্য অহৰহ শক্তিশালী হৈ আহিছে। ২০২১-২২ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভৰ পৰিমাণ আছিল ২৮ লাখ টকা, যিটো পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২২-২৩ত ৯১ লাখ টকালৈ বৃদ্ধি পাই ২০২৩-২৪ চনত ১.৪৮ কোটি টকা হয়। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ বছৰি ১৩ শতাংশতকৈ অধিক চক্রবৃদ্ধিৰ হাৰত বৃদ্ধি পাই ১৮৩.৪১ কোটি টকা হয়৷ চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধ অৰ্থাৎ ২০২৪ চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত কোম্পানীটোৱে ২.৫ কোটি টকাৰ নিকা লাভ লাভ কৰিছে। একেদৰে এই সময়ছোৱাত কোম্পানীটোৱে ১৩৬.০৩ কোটি টকাৰ ৰাজহ লাভ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া