গুৱাহাটী, ২৪ মাৰ্চ (হি.স.)। ৰাজ্যৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই আজি গুৱাহাটীত ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্রালয়ৰ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য সংবৰ্দ্ধন বিভাগৰ অধীনস্থ'ইনভেষ্ট ইণ্ডিয়া 'ৰ উত্তৰ-পূৱ মাণ্ডলিক কাৰ্যালয়টি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। অসম ঔদ্যোগিক আন্ত:গাথনি উন্নয়ন নিগমৰ অধীনস্থ বামুণী মৈদামৰ উদ্যোগ পামস্হিত জিলা উদ্যোগ কেন্দ্ৰ ভৱনত এই কাৰ্যালয়টো উদ্বোধন কৰি উদ্যোগ মন্ত্রী বড়াই কয় যেএডভান্টেজ অসমে কঢ়িয়াই অনা বিনিয়োগৰ প্ৰস্তাৱ সমূহ সঠিক ৰূপায়ণ হলে অসমৰঔদ্যোগিক ক্ষেত্ৰখনত নতুন দিগন্তৰ সূচনা হ'ব।
কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লৈ বহু যুৱক যুৱতীয়ে ষ্টাৰ্টআপৰ জৰিয়তে উদ্যমী হিচাপে উল্লেখনীয় কাম কৰিবলৈ সক্ষম হৈছে বুলিও ভাষণ প্ৰসংগত মন্ত্রী বড়াই কয়। ইনভেষ্ট ইণ্ডিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্যালয়টিয়ে বিনিয়োগৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰৰ এক উল্লেখযোগ্য পদক্ষেপ বুলি উল্লেখ কৰি মন্ত্রী বড়াই উত্তৰ-পূৱৰ ৰাজ্য সমূহৰ ঔদ্যোগিক বিকাশত এই কাৰ্যালয়টোৱে এক অনুঘটক ৰূপে কাম কৰিব বুলিও মন্ত্রী গৰাকীয়ে মন্তব্য কৰে। অসমৰ সম্পদ সমূহক সম্ভাৱনালৈ ৰূপান্তৰ কৰাৰ বাবে আয়োজিত এডভান্টেজ অসম ২.০ই অৰ্থ নৈতিক বিকাশ ত্বৰান্বিত কৰিব বুলি উল্লেখ কৰি উত্তৰ-পূৱৰ বিকাশ অবিহনে দেশৰ বিকাশ সম্ভৱ নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ কথাও ভাষণত মন্ত্রী গৰাকীয়ে উনুকীয়ায়। কাৰ্যালয়টো উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইনভেষ্ট ইণ্ডিয়াৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া নিভ্ৰুতি ৰয়ে অসমত দেশৰ ৪০শতাংশ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি ৰাজ্য খনৰ ঔদ্যোগিক আন্ত:গাথনি উন্নয়নএই দিশত অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।
অসম ঔদ্যোগিক উন্নয়ন নিগমৰ সঞ্চালক মানবেন্দ্র প্ৰতাপ সিঙে তেওঁৰ ভাষণত এই কাৰ্যালয়টো মুকলি হোৱাটো অসমৰ ঔদ্যোগিক ক্ষেত্ৰ খনৰ বাবে এক ঐতিহাসিক দিশ বুলি অভিহিত কৰে। এই কাৰ্যালয় টোৱে ঔদ্যোগিক বিনিয়োগৰ ক্ষেত্ৰত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন নীতি নিয়ম বা সা- সুবিধা আদিৰ সন্দৰ্ভত বিনিয়োগকাৰী আৰু চৰকাৰৰ মাজত এক অনুঘটক হিচাপে কাম কৰিব। অনুষ্ঠানত ইনভেষ্ট ইণ্ডিয়াৰ ষ্টেট এণ্ড স্পেচিয়েল প্ৰগ্ৰেমৰ ভাইচ প্ৰেচিডেণ্ট কুলাটুমনি কাৰ্তিকেয়ন, ইনভেষ্ট ইণ্ডিয়াৰ উত্তৰ-পূৱ টিমৰ মুৰব্বী ড০ গিতিমা কৃষ্ণ,নেডফিৰ চিএম ডি পি ভি এছ এল এন মূৰ্তি,অসম ঔদ্যোগিক আন্ত:গাথনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পি উদয় প্ৰবীন,ফাইনাৰৰ সভাপতি বজৰং লোহিয়াকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী