ধিঙৰ মাঠখলাত পবিত্ৰ ৰমজান মাহ উপলক্ষে ইফতাৰ অনুষ্ঠান অনুষ্ঠিত
নগাঁও, ২৪ মাৰ্চ (হি.স.)। সম্প্ৰতি ৰমজান মাহ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ইফতাৰ অনুষ্ঠান । পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বৃদ্ধি পাইছে পঞ্চায়ত নিৰ্বাচনৰ কুচ-কাৱাজ। কি কংগ্ৰেছ কি এজিপি কি বিজেপি কি এ আই ইউ ডি এফ
ধিঙৰ মাঠখলাত পবিত্ৰ ৰমজান মাহ উপলক্ষে ইফতাৰ অনুষ্ঠান অনুষ্ঠিত


নগাঁও, ২৪ মাৰ্চ (হি.স.)। সম্প্ৰতি ৰমজান মাহ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ইফতাৰ অনুষ্ঠান । পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বৃদ্ধি পাইছে পঞ্চায়ত নিৰ্বাচনৰ কুচ-কাৱাজ। কি কংগ্ৰেছ কি এজিপি কি বিজেপি কি এ আই ইউ ডি এফ সকলো দলেই পবিত্ৰ ৰমজান মাহ উপলক্ষে অনুষ্ঠিত কৰি আহিছে ইফতাৰ অনুষ্ঠান।

সমান্তৰালভাৱে ৫৫ নং ধিং সমষ্টিৰ লহকৰ জিলাপৰিষদৰ অন্তৰ্গত কান‌দুলীমাৰি মাঠখলা বজাৰতো দেওবাৰে সন্ধিয়া অনুষ্ঠিত হয় বিজেপিৰ বৃহৎ ইফতাৰ অনুষ্ঠান। লহকৰ জিলা পৰিষদৰ বাবী প্ৰাৰ্থী তথা বিজেপি নেতা মজিবুৰ ৰহমানৰ নেতৃত্বত মাঠখলা বজাৰত অনুষ্ঠিত এই ইফতাৰ অনুষ্ঠানত একেলগে প্ৰায় দুই সহস্ৰাধিক লোকে গ্ৰহণ কৰিলে ইফতাৰ । লগতে এই পবিত্ৰ ইফতাৰ অনুষ্ঠানত উপস্থিত উপস্থিত থাকে বিজেপি নেতা সুৰেশ বৰা, বিজেপি নগাঁও জিলা উপসভাপতি আমৰজিত গোস্বামী, বিজেপি ধিং মণ্ডল সভাপতি দিপক শইকীয়া, বিজেপি ডুমডুমীয়া মণ্ডল সভাপতি আচাদ চৌধুৰী, ধিং কলেজৰ লাইবেৰীয়ান বিজেপিৰ জেষ্ঠ কাৰ্যকৰ্তা যুগল চোপ্ৰা, গোপাল নাথ সহ দলীয় বহু কেইজন নেতা কৰ্মী ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande