আহমেদাবাদ, ২৪ মাৰ্চ (হি.স.)। গুজৰাটৰ আহমেদাবাদৰ ৱটভাৰ সমীপৰ বুলেট ট্ৰেইন ছাইটত এখন বিশাল ক্ৰেন ভাঙি পৰাত দুজন লোক আহত হয়। দিল্লী-মুম্বাই মেইন লাইনৰ সমীপত সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবে ২৫খন ৰে’ল বাতিল কৰিবলগীয়া হৈছিল। বৃহৎ সংখ্যক ৰে’লৰ পথো ডাইভাৰ্ট কৰিবলগীয়া হৈছিল। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে নেশ্যনেল হাই স্পীড ৰে’ল কৰ্প’ৰেশ্যন লিমিটেড (এন এইচ এছ আৰ চি এল), আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু ৰে’লৱেৰ বিষয়াসকলে স্থানত উপস্থিত হয়।
জানিব পৰা মতে, নিশা প্ৰায় ১১ বজাত ৱটভাৰ হাতীজান অঞ্চলৰ ৰোপ্ৰা দলঙৰ সমীপৱৰ্তী বুলেট ট্ৰেইন স্থানত নিৰ্মাণ কাৰ্যৰ সময়তে এখন বিশাল ক্ৰেন পৰি যায়। এই দুৰ্ঘটনাত দুজন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। বুলেট ট্ৰেইনৰ বাবে নিৰ্মাণ কৰা খুঁটাটোৰ ওপৰত ক্ৰেনখন স্থাপন কৰা হৈছিল। ক্ৰেন খহি পৰাৰ বাবে গেৰাটপুৰ-ভাটভা অংশৰ ৰে’ল যাতায়ত ক্ষতিগ্ৰস্ত হৈছে। এন এইচ এছ আৰ চি এলৰ মুখপাত্ৰ সুষমা গৌৰে কয় যে কংক্ৰিটৰ গাৰ্ডাৰ লঞ্চিং সম্পূৰ্ণ হোৱাৰ পিছত ভাটভাত ভিয়াডাক্টৰ কামৰ বাবে ব্যৱহাৰ কৰা ছেগমেণ্টেল লঞ্চিং গেণ্ট্ৰি আঁতৰোৱা হৈছে। তেতিয়াই এই দুৰ্ঘটনা সংঘটিত হয়।
এই দুৰ্ঘটনাটোৱে আহমেদাবাদ-মুম্বাইৰ মাজত ৰে’ল চলাচলত প্ৰভাৱ পেলাইছে। বদোদৰাৰ পৰা আহমেদাবাদলৈ যোৱা সয়াজিনগৰী, একতানগৰ-আহমেদাবাদকে ধৰি ১০খন ৰে’ল নিশাই বিভিন্ন ষ্টেচনত ৰখাই দিয়া হয়। আপলাইন সক্ৰিয় কৰি ৰখা হৈছে। বন্ধ কৰি দিয়া হৈছে ডাউন লাইন। ইয়াৰ ফলত মুম্বাই অভিমুখে যাত্ৰা কৰা ৰে’লৰ চলাচলত প্ৰভাৱ পৰিছে।
আহমেদাবাদ-বাদোদৰা-মুম্বাইৰ মাজত বাতিল হ’ল ২৫খন ৰে’ল। আন পাঁচখন ৰে’লৰ সময় সলনি কৰা হৈছে। ছয়খন ৰে’লৰ পথ সলনি কৰা হৈছে। বদোদৰাত যাত্ৰীৰ সুবিধাৰ্থে এটা হেল্পলাইন নম্বৰ আৰম্ভ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া