উত্তৰ পূব সীমান্ত ৰেলৱেৰ ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন
-নিচিন্তপুৰ টাৰ্মিনেলত প্ৰথমখন মালবাহী ৰেল গুৱাহাটী, ২৪ মাৰ্চ (হি.স.)। ৰ্উত্তৰ-পূব সীমান্তৰে'লৱে ত্ৰিপুৰাৰ আগৰতলাৰ সমীপৰ নিচিন্তপুৰ টাৰ্মিনেলত প্ৰথমবাৰৰ বাবে মালবাহী ৰে'ল সফলতাৰে আগমন কৰি এক ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিলে। ২৪ মাৰ্চ, ২০২৫ তাৰিখ
নিচিন্তপুৰ টাৰ্মিনেলত প্ৰথমখন মালবাহী ৰেল


-নিচিন্তপুৰ টাৰ্মিনেলত প্ৰথমখন মালবাহী ৰেল

গুৱাহাটী, ২৪ মাৰ্চ (হি.স.)। ৰ্উত্তৰ-পূব সীমান্তৰে'লৱে ত্ৰিপুৰাৰ আগৰতলাৰ সমীপৰ নিচিন্তপুৰ টাৰ্মিনেলত প্ৰথমবাৰৰ বাবে মালবাহী ৰে'ল সফলতাৰে আগমন কৰি এক ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিলে। ২৪ মাৰ্চ, ২০২৫ তাৰিখে ১০:২০ বজাত, গুৱাহাটীৰ সমীপৰ তেতেলিয়াৰ ষ্টাৰ ছাইডিঙৰ পৰা চিমেণ্টেৰে ভৰ্তি ১১ খন বিচিএন ৱাগনৰ একক নচাইন মেন্ট নিচিন্তপুৰ টাৰ্মিনেলত আগমন ঘটায়, যি আগৰতলা-আখাউৰা নতুন ৰেলসংযোগ প্ৰকল্পৰ অধীনত মালবাহী ৰেল পৰিবহনৰ এক ঐতিহাসিক মুহূৰ্ত হিচাপে চিহ্নিত কৰা হৈছে।উত্তৰ-পূবসীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতনকুমাৰ শ্ৰীবাস্তৱৰ দ্বাৰা সামগ্ৰী যাতায়তৰ বাবে আগৰতলা-নিচিন্তপুৰ শাখাৰ অনুমোদনৰ পিছত ৰে'লৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে যুটীয়াভাৱে সফল নিৰীক্ষণৰ পিছতেই এই গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰা হয়।

মালবাহী ৰেলৰ পৰিচালন বাবে এই টাৰ্মিনেলটো মুকলি হোৱাৰ ফলত তাৎপর্যপূর্ণ ভাৱে অত্যাধিক বোজা থকা গুডচ শ্বেড, যেনে জিৰানিয়া আৰু লামডিং মণ্ডলৰ অন্যান্য মুখ্য স্থানসমূহত ভিৰ যথেষ্ট হ্ৰাস পাব। এক বৈকল্পিক পথ প্ৰদানেৰে, এই পদক্ষেপে লজিষ্টিক দক্ষতা বৃদ্ধি কৰাৰ লগতে অঞ্চলটোত সামগ্ৰীৰ পৰিবহন সুশৃংখল কৰিছে। ইয়াৰ উপৰিও, ই মালবাহী ৰেলৰ চলাচল উন্নত কৰিব, পৰিবহনৰ সময় হ্ৰাস কৰিব আৰু বৰ্ধিত ৰে'লৱে আন্তঃগাঁথনিৰ জৰিয়তে আঞ্চলিক অৰ্থনৈতিক বিকাশত সহায় কৰিব।

উত্তৰ পূব সীমান্ত ৰেলৱেই উত্তৰ-পূৰ্ব্বাঞ্চলত মালবাহী ৰেলৰ সংযোগ উন্নত কৰা আৰু অৰ্থনৈতিক বিকাশ আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতি বদ্ধ হৈ আছে। আন্তঃগাঁথনিৰ উন্নীতকৰণ আৰু পৰিচালন অনুকূলিত কৰি, ই অধিক দ্ৰুত আৰু কাৰ্যকৰী মালবাহী পৰিবহন নিশ্চিত কৰিছে।এইপদক্ষেপ সমূহে বাণিজ্যনেটৱৰ্কক শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নকো সহায় কৰিব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande