ধুবুৰী, ২৪ মাৰ্চ (হি.স.)। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ধুবুৰী জিলা উপ-সভাপতিক আটক । ধুবুৰীৰ হালাকুৰা আৰক্ষীয়ে কালি উপ-সভাপতি গৰাকীক আটক কৰে । গুৱাহাটীত অনুষ্ঠিত হ'ব লগীয়া সভাত উপস্থিত থকাৰ কথা এন, পি এছ ধুবুৰী জিলা সমিতিৰ উপ সভাপতি ধৃতধী প্ৰধানীৰ ।
আসাম চৰকাৰী এন পি এছৰ তত্বাৱধানত , পুৰণি পেন্সন সন্দৰ্ভত গুৱাহাটীত অনুষ্ঠিত হ'ব এখন সভা । উক্ত সভাত যাতে অংশ গ্ৰহন কৰিব নোৱাৰে তাৰ বাবেই আৰক্ষীয়ে ধুবুৰী জিলা সমিতিৰ উপ সভাপতি ধৃতধী প্ৰধানীক আটক কৰাৰ অভিযোগ । হালাকুৰা আৰক্ষী তালাচী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই কালি ধৃতধী প্ৰধানীক থানালৈ মাতি নি গোটেই দিন আটক কৰি ৰখা বুলি আজি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে প্ৰধানীয়ে ।
হালাকুৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ধৃতধী প্ৰধানীৰ লগতে আবু ৱাইদা নামৰ আন এজনক কালি গোটেই দিনটো থানাৰ ভিতৰতে আবদ্ধ কৰি ৰাখি সন্ধিয়া মুকলি কৰি দিয়াৰ অভিযোগ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা