অজয় দেৱগনৰ ছবি ‘ৰেইড ২’ৰ অনুৰাগীসকলে যোৱা কেইদিনমানৰ পৰা ছবিখন মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। এইখনেই হ’ব ২০১৮ চনৰ ‘ৰেইড’ ছবিৰ ছিকুৱেল, য’ত অজয় দেৱগনক আয়কৰ বিভাগৰ বিষয়াৰ চৰিত্ৰত দেখা গৈছিল। ‘ৰেড’ ছবিখনৰ পিছত এতিয়া ‘ৰেড ২’ৰ বাবে উৎসাহিত হৈছে দৰ্শক। এই ছবিখনৰ মুক্তিৰ তাৰিখ কেইবাবাৰো পিছুৱাই দিয়া হৈছিল যদিও অৱশেষত ‘ৰেড ২’ ছবিখনে মুক্তিৰ তাৰিখ পাই ১ মে’ত মুক্তি পাব ছবিখন।
ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৫ নৱেম্বৰত ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল অজয় দেৱগনে অভিনয় কৰা ‘ৰেইড ২’ ছবিখন। ৰোহিত শ্বেট্টীৰ পৰিচালনাত অজয়ৰ ছবি ‘ছিংহাম এগেইন’ৰ কামত পলম হোৱাৰ পিছতে ‘ৰেইড ২’ৰ মুক্তিৰ তাৰিখ সলনি কৰা হয়। ইয়াৰ পিছত ঘোষণা কৰা হয় যে ছবিখন ফেব্ৰুৱাৰী মাহত মুক্তি পাব। ইয়াৰ পিছত মুক্তিৰ তাৰিখ পুনৰ সলনি কৰা হ'ল। এতিয়া ঘোষণা কৰা হৈছে ‘ৰেড ২’ৰ নতুন মুক্তিৰ তাৰিখ। এতিয়া এই ছবিখন ১ মে'ত চিনেমাগৃহত মুক্তি পাব।
‘ৰেইড ২’ত অজয় দেৱগনক পুনৰ এবাৰ আয়কৰ বিষয়াৰ চৰিত্ৰত দেখা যাব। এই ছবিখনত ৰিতেশ দেশমুখক খলনায়কৰ চৰিত্ৰত দেখা যাব। এই ছবিখনৰ পৰিচালক ৰাজ গুপ্তাৰ। এই ছবিখনত অজয় দেৱগন আৰু ৰিতেশ দেশমুখৰ সৈতে বাণী কাপুৰকো দেখা যাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া