আমেৰিকাই আঁতৰালে তালিবানৰ যোদ্ধা হাক্কানীৰ ওপৰত ৮৬ কোটি টকাৰ পুৰস্কাৰ ধনৰাশি
ৱাশ্বিংটন, ২৩ মাৰ্চ (হি.স.)। আফগান তালিবান সন্দৰ্ভত আমেৰিকাই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। তালিবানৰ অন্যতম বিশিষ্ট যোদ্ধা ছিৰাজুদ্দিন হাক্কানীৰ মূৰত ঘোষণা কৰা দহ মিলিয়ন ডলাৰৰ ব্যাপক পুৰস্কাৰৰ আদেশ প্ৰত্যাহাৰ কৰা হৈছে। এই পুৰস্কাৰ ভাৰতীয় মুদ্ৰাত প্ৰা
তালিবানৰ যোদ্ধা হাক্কানী


ৱাশ্বিংটন, ২৩ মাৰ্চ (হি.স.)। আফগান তালিবান সন্দৰ্ভত আমেৰিকাই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। তালিবানৰ অন্যতম বিশিষ্ট যোদ্ধা ছিৰাজুদ্দিন হাক্কানীৰ মূৰত ঘোষণা কৰা দহ মিলিয়ন ডলাৰৰ ব্যাপক পুৰস্কাৰৰ আদেশ প্ৰত্যাহাৰ কৰা হৈছে। এই পুৰস্কাৰ ভাৰতীয় মুদ্ৰাত প্ৰায় ৮৬ কোটি টকা।

আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই অৱগত কৰে যে তেওঁৰ দেশৰ জৰ্জ গ্লেইজমেনক ভুলকৈ গ্ৰেপ্তাৰ কৰি ডেৰ-দুবছৰ আফগানিস্তানত ৰখা হৈছে। এতিয়া তেওঁক মুকলি কৰি দিয়া হৈছে। উল্লেখযোগ্য যে ৬৫ বছৰীয়া গ্লেজমেনক ডেৰ-দুবছৰ পূৰ্বে আফগানিস্তান ভ্ৰমণৰ সময়ত তালিবানে গ্ৰেপ্তাৰ কৰিছিল। নিউয়ৰ্ক পোষ্টৰ বাতৰি অনুসৰি ট্ৰাম্পৰ বিশেষ দূত এডাম ব’লাৰ আৰু কাটাৰৰ বিষয়াসকলৰ মাজত হোৱা আলোচনাৰ অন্তত গ্লেজমেনক মুকলি কৰি দিয়া হয়।

আনহাতে, আফগানিস্তানৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, আমেৰিকাৰ নাগৰিক জৰ্জ গ্লেইজমেন ডেৰ-দুবছৰ ধৰি আফগান তালিবানৰ জিম্মাত আছিল। শেহতীয়াকৈ তালিবানে তেওঁক মুকলি কৰি দিছিল। ইয়াৰ পিছত আমেৰিকাইও ইতিবাচক পদক্ষেপ লৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande