মানকাচৰ, ২৩ মাৰ্চ (হি.স.): মানকাচৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ কফ ছিৰাপ জব্দ কৰা হৈছে। এই সন্দৰ্ভত দুজনক আটক কৰা হয়। কালি নিশা মানকাচৰৰ আৰক্ষীয়ে কাকৰিপাৰাৰ পথত এখন স্কুটীত অভিযান চলাই বৃহৎ পৰিমাণৰ কফ ছিৰাপ জব্দ কৰে।
আৰক্ষীয়ে ২০০ টা কফ ছিৰাপৰ বটল জব্দ কৰাৰ লগতে দুজনক আটক কৰে। আৰক্ষীয়ে আটক কৰা যুৱক দুজন ক্ৰমে মেঘালয়ৰ মহেন্দ্ৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মিৰিংগিপাৰা গাঁৱৰ প্ৰীভিনাথ মাৰাং (৫০) আৰু একেখন গাঁৱৰে জাইছেং ছাংমা (২৮) বুলি পৰিচয় পোৱা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ