বৰপেটা, ১৪ মাৰ্চ (হি.স.): বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ ৰামপুৰ ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ পাঠ্য়পুথি বিক্ৰী কৰিবলৈ যোৱা অৱস্থাত যোৱা নিশা ৰাইজে জব্দ কৰে চাৰি বস্তা কিতাপ। পূৱ ৰামপুৰ ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিজ বিদ্যালয়ৰ নাবালিকা ছাত্ৰীৰ সৈতে কু-কৰ্ম কৰাৰ অভিযোগত অভিযুক্ত তথা পলাতক অৱস্থাত থকা লম্পট শিক্ষক আকাব্বৰ আলীৰ ঘনিষ্ঠ আজাহাৰ আলীয়ে ই-ৰিক্সাৰে ৰামপুৰ বজাৰৰ কৰিমৰ ডেম্পত বিক্ৰী কৰিবলৈ লৈ যোৱা অৱস্থাত স্থানীয় ৰাইজে আটক কৰে যদিও আজাহাৰ আলীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ইফালে ই-ৰিক্সা চালকে জানিবলৈ দিয়া মতে আজাহাৰ আলীয়ে লম্পট শিক্ষক আকাব্বৰ আলীৰ ঘৰলৈ মাতি নি চাৰি বস্তা কিতাপ বিক্ৰীৰ বাবে উঠাই দিছিল। পিছে ৰাইজে বৰভিঠা আৰক্ষীক খৱৰ দিয়াত আৰক্ষী উপস্থিত হৈ ই-ৰিক্সা আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কিতাপ থানালৈ লৈ যায়। উল্লেখ্য যে লম্পট শিক্ষক আকাব্বৰ আলীয়ে নতুন পাঠ্যপুথি সমূহ ছাত্ৰ ছাত্ৰীক বিতৰণ নকৰি চুৰি কৰি বিক্ৰীৰ বাবে ৰাখিছিল নিজৰ ঘৰত। কিন্তু নিশা আকাব্বৰ আলীৰ জ্ঞাতাৰ্থেই তেওঁৰ ঘনিষ্ঠ আজাহাৰ আলীয়ে কিতাপ সমূহ বিক্ৰী কৰিবলৈ লৈ যোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।
আৰক্ষীয়ে আজাহাৰ আলীক আটক কৰিলে লম্পট তথা ধৰ্ষণকাৰী শিক্ষক আকাব্বৰ আলীৰ সন্ধান ওলাব বুলি ৰাইজে মন্তব্য কৰে। উল্লেখ্য় যে ধৰ্ষণ কাণ্ডত অভিযুক্ত লম্পট শিক্ষক আকাব্বৰ আলীক পাঁচ মাহৰ পিছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ