মণিপুৰত গ্ৰেপ্তাৰ উগ্ৰপন্থীকে ধৰি কেইবাজনো সন্দেহযুক্ত লোক, অস্ত্ৰৰ বিশাল ভঁৰাল, ডব্লিউ ৱাই টেবলেট উদ্ধাৰ
ইম্ফল, ১৪ মাৰ্চ (হি.স.)। মণিপুৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বিভিন্ন অভিযানত পিএলএ, ইউএনএলএফ (কে) আৰু প্ৰিপাকৰ কেডাৰকে ধৰি কেইবাজনো সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু ডব্লিউ ৱাই টেবলেট জব্দ কৰে। শুকুৰবাৰে আৰ
মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থী কেডাৰ আৰু অস্ত্ৰ–শস্ত্ৰ


ইম্ফল, ১৪ মাৰ্চ (হি.স.)। মণিপুৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বিভিন্ন অভিযানত পিএলএ, ইউএনএলএফ (কে) আৰু প্ৰিপাকৰ কেডাৰকে ধৰি কেইবাজনো সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু ডব্লিউ ৱাই টেবলেট জব্দ কৰে।

শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, ইম্ফল পশ্চিম জিলাৰ লেমফেল থানা এলেকাৰ সাগোলবন্দ ছায়াং কুৰাও মাখোঙৰ পৰা পিএলএৰ সক্ৰিয় সদস্য থকচোম অংবি অনিতা দেৱী (৪৬)ক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা এটা পিষ্টল, এটা মেগজিন, ১৮টা সজীৱ ৯ এম এম গুলী, ১৫টা সজীৱ পইন্ট ৩৮ৰ গুলী, নগদ ৫ হাজাৰ টকা, ৬টা মোবাইল ফোন আৰু কেইবাখনো চিম কাৰ্ড উদ্ধাৰ কৰে।

একেদৰে টেংগনৌপাল জিলাৰ বি পি ৮৫ আৰু বি পি ৮৬ৰ মাজৰ অঞ্চলৰ পৰা ইউএনএলএফ (কে)ৰ সন্দেহযুক্ত কেডাৰ মইৰাংথাম ৰিকি সিং (২২)ক গ্ৰেপ্তাৰ কৰে।

আন এক তালাচী অভিযানৰ সময়ত ইম্ফল পূৱ জিলাৰ পুখাও শান্তিপুৰ পাহাৰীয়া অঞ্চলৰ পৰা এটা .৩০৩ ৰাইফল, ১০টা ইনছাছ এল এম জি মেগজিন, এটা ইনছাছ ৰাইফল মেগজিন, ১৩টা বুলেটপ্ৰুফ হেলমেট আৰু ৬টা বুলেটপ্ৰুফ জেকেট কভাৰ উদ্ধাৰ কৰা হয়।

ইয়াৰ উপৰিও এনচিবি ইম্ফল আৰু মণিপুৰ আৰক্ষীৰ যৌথ দলে থৌবাল জিলাৰ লিলং থানা এলেকাৰ সমীপত ১০২.৩৯৩ কেজি ডব্লিউ ৱাই টেবলেটৰ বিশাল চালান উদ্ধাৰ কৰি তিনিজন সৰবৰাহকাৰীক আটক কৰে। ধৃত অভিযুক্ত কেইজনৰ ভিতৰত আছে অসমৰ গোলাঘাট জিলাৰ আমলদাছ জালক্সো (৪২), মহম্মদ খুৰশ্বিদ (থৌবাল জিলাৰ) আৰু মৰিগাঁও জিলাৰ মহেদী আলম (১৮)। আৰক্ষীয়ে জব্দ কৰে এখন ট্ৰাক আৰু এখন চাৰিচকীয়া বাহন।

একেদৰে হিয়াংলাম থানাৰ অন্তৰ্গত ছেকমাইজিন নিংগলখং অঞ্চলৰ পৰা কাকচিং জিলাৰ সাধাৰণ ৰাইজৰ পৰা ধন আদায় কৰি থকা এজন সক্ৰিয় প্ৰিপাকৰ কেডাৰ লাইশ্ৰম বিষোৰজিৎ মেইটেই ওৰফে ইউৰেম্বা (৩৩)ক গ্ৰেপ্তাৰ কৰা হয়।

আন এটা গোচৰত কেচিপি (অপুনবা)ৰ বাবে কাঠ কঢ়িওৱা বাহনৰ পৰা ধন আদায় কৰাৰ অপৰাধত ইম্ফল পশ্চিম জিলাৰ কাৱা আচেম লেইকাইৰ এখন আচবাবৰ দোকানৰ পৰা যুমনাম প্ৰেমজিৎ মেইটেই (৫৪)ক গ্ৰেপ্তাৰ কৰে । তেওঁৰ পৰা জব্দ কৰে এটা মোবাইল, দুখন ৰচিদ বহী, আধাৰ কাৰ্ড আৰু এখন ছীল।

আটাইকেইটা গোচৰৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande