লংকাৰ নখুটীত ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ আটক দুই সৰবৰাহকাৰী
হোজাই, ১৪ মাৰ্চ (হি.স.)। হোজাই জিলাৰ লংকাৰ নখুটীৰ ৰামসিং গাঁৱত ১১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ আটক হৈছে দুজন সৰবৰাহকাৰী। আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰীৰ নাম ক্ৰমে আলী হুছেইন আৰু ৰুকচান আলী বুলি জানিব পৰা গৈছে। উদালী পহৰা চকীৰ আৰক্ষী বিষয়া ৰঞ্জিত ব
লংকাৰ নখুটীত ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ আটক দুই সৰবৰাহকাৰী


হোজাই, ১৪ মাৰ্চ (হি.স.)। হোজাই জিলাৰ লংকাৰ নখুটীৰ ৰামসিং গাঁৱত ১১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ আটক হৈছে দুজন সৰবৰাহকাৰী।

আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰীৰ নাম ক্ৰমে আলী হুছেইন আৰু ৰুকচান আলী বুলি জানিব পৰা গৈছে।

উদালী পহৰা চকীৰ আৰক্ষী বিষয়া ৰঞ্জিত বুঢ়াগোহাঁই সহ আৰক্ষীৰ এটি দলৰ নেতৃত্বত বিশেষ সূত্ৰৰ পম খেদি ড্ৰাগছসহ দুয়োজনক আটক কৰে ।

আটকাধীন দুয়োজনৰ পৰা আৰক্ষীয়ে এখন চাৰিচকীয়া বাহনৰ লগতে এখন খুকৰি (চোকা অস্ত্ৰ) জব্দ কৰে।

জব্দকৃত চাৰিচকীয়া বাহনখনৰ নম্বৰ এএছ ০৯ জে ৮১৪৪ বুলি কোৱা হৈছে। বৰ্তমান দুয়োকে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande