হাইলাকান্দিত কাটাখাল নৈৰ গৰাখহনীয়াৰ কালৰূপ ধাৰণ
হাইলাকান্দি, ১৪ মাৰ্চ (হি.স.)। হাইলাকান্দি জিলাৰ ৰাজেশ্বৰপুৰ গাঁৱৰ কাটাগাঁও অঞ্চলত খহনীয়াৰ কালৰূপ দেখিবলৈ পোৱা গৈছে। যোয়া বছৰ বানত কাটাখাল নৈৰ মাথাউৰি ছিগি এটি গড়কপ্তানী পথ জাহ গৈছিল নৈৰ বুকুত । তাৰ পিছত এই গাঁওখনৰ স্হানীয় ৰাইজে হাইলাকান্দি জল সম
হাইলাকান্দিত কাটাখাল নৈৰ গৰাখহনীয়াৰ কালৰূপ ধাৰণ


হাইলাকান্দি, ১৪ মাৰ্চ (হি.স.)।

হাইলাকান্দি জিলাৰ ৰাজেশ্বৰপুৰ গাঁৱৰ কাটাগাঁও অঞ্চলত খহনীয়াৰ কালৰূপ দেখিবলৈ পোৱা গৈছে। যোয়া বছৰ বানত কাটাখাল নৈৰ মাথাউৰি ছিগি এটি গড়কপ্তানী পথ জাহ গৈছিল নৈৰ বুকুত । তাৰ পিছত এই গাঁওখনৰ স্হানীয় ৰাইজে হাইলাকান্দি জল সম্পাদ বিভাগ আৰু জিলা প্ৰশাসনক ক্ষতিগ্ৰস্ত গড়কপ্তানী পথ পুনৰ নিৰ্মাণ কৰাৰ বাবে অনুৰোধ জনাইছে যদিও কোনো গুৰুত্ব দিয়া নাই জল সম্পাদ বিভাগ আৰু জিলা প্ৰশাসনে।

এতিয়া আগন্তুক বাৰিষাত ৰাজেশ্বৰপুৰ গাঁৱৰ কেবা হাজাৰ লোকৰ যাতায়াতৰ একমাত্ৰ পথটো সম্পূৰ্ণৰূপে নৈৰ বুকত জাহ জাব বুলি আশংকা কৰি আছে লোকসকলে। তেওঁলোকৰ দাবী অহা বানপানীৰ আগতেই এই পথ পুনৰ নিৰ্মাণ কৰি চলাৰ উপযোগী কৰি দিয়ক, অন্যথা আগন্তুক দিনত বৃহৎ আন্দোলন কৰিব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande