15 Mar 2025, 0:26 HRS IST

লাডাখ তথা উত্তৰ-পূবত ভূমিকম্পৰ জোকাৰণি
নতুন দিল্লী, ১৪ মাৰ্চ (হি.স.)। বৃহস্পতিবাৰ-শুকুৰবাৰে পুৱতি নিশা ২.৫০ বজাত লাডাখৰ কাৰ্গিলত ভূমিকম্পৰ কম্পন অনুভূত হয়। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পৰ কেন্দ্ৰবিন্দু ১৫ কিলোমিটাৰ গভীৰতাত আছিল। প্ৰায় তিনি ঘণ্টাৰ পাছত পুৱা ৬ ব
লাডাখত ভূমিকম্পৰ জোকাৰণি


নতুন দিল্লী, ১৪ মাৰ্চ (হি.স.)। বৃহস্পতিবাৰ-শুকুৰবাৰে পুৱতি নিশা ২.৫০ বজাত লাডাখৰ কাৰ্গিলত ভূমিকম্পৰ কম্পন অনুভূত হয়। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পৰ কেন্দ্ৰবিন্দু ১৫ কিলোমিটাৰ গভীৰতাত আছিল। প্ৰায় তিনি ঘণ্টাৰ পাছত পুৱা ৬ বজাত উত্তৰ-পূব ভাৰততো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং অঞ্চলত ৪.০ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণিৰ তথ্য ৰিখটাৰ স্কেলত জোখ লোৱা হৈছে। লেহ আৰু লাডাখ ভূমিকম্পীয় অঞ্চল-IV ত পৰে, অৰ্থাৎ এইবোৰ ভূমিকম্পৰ ক্ষেত্ৰত অতি উচ্চ বিপদজনক অঞ্চল। টেকটনিকভাৱে সক্ৰিয় হিমালয় অঞ্চলত অৱস্থিত হোৱাৰ বাবে লেহ আৰু লাডাখত সঘনাই ভূমিকম্প হয়।

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande