লক্ষিমপুৰ, ১৪ মাৰ্চ (হি.স.)।
ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে ঢকুৱাখনাতো ৰঙৰ উৎসৱৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্রত দৌল মহোৎসৱ উদযাপন কৰা হৈছে।
প্ৰতিকূল বতৰৰ বাবে ভক্তৰ ভীৰ কমিছে যদিও সত্রৰ বিধিগত পৰম্পৰাৰে অনুষ্ঠিত হৈছে দৌল উৎসৱ । হোলীগীতৰ মূৰ্চনাৰে মুখৰিত হৈ পৰিছে ঢকুৱাখনাৰ ঐতিহাসিক বাসুদেৱ নৰোৱা সত্ৰ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা