গোলাঘাট, ১৪ মাৰ্চ (হি.স.)। তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহ । আজি নিশা দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমী নিশাটো কটাব গৃহ মন্ত্ৰী অমিত শ্বাহে । কালিলৈ পুৱা ভাগতে সৰ্ব ভাৰতীয় ভিত্তিত লাচিত বৰফুকন পুলিচ একাডেমীৰ প্ৰশাসনিক ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব গৃহ মন্ত্ৰী গৰাকীয়ে ।
দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমী অসম তথা সৰ্ব ভাৰতৰ আৰক্ষী প্ৰশিক্ষণৰ এক উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ কেন্দ্ৰ হৈ পৰিব । কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ অসমলৈ আগমনক লৈ বিশেষ তৎপৰ হৈ পৰিছে অসম আৰক্ষী ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু