হোজাইত জীৱিত লোকক মৃত সজাই মাটি নামজাৰি কৰাৰ অভিযোগ
হোজাইত আমিৰ হুছেইন নামৰ এজন লোকৰ ভূমি অবৈধ ভাৱে দখল কৰাৰ অভিযোগ শশুৰ আৰু নিজ পুত্ৰ কন্যাৰ বিৰুদ্ধে।
হোজাইত জীৱিত লোকক মৃত সজাই মাটি নামজাৰি কৰাৰ অভিযোগ


হোজাই, ১৪ মাৰ্চ (হি.স.): হোজাইত আমিৰ হুছেইন নামৰ এজন লোকৰ ভূমি শহুৰেক আৰু নিজ পুত্ৰ কন্যাই অবৈধ ভাৱে দখল কৰাৰ অভিযোগ উঠিছে। ঘটনা সন্দৰ্ভত হোজাই আৰক্ষী অধীক্ষক আৰু হোজাই জিলা আয়ুক্তক অভিযোগ নামা দাখিল কৰিছে ভুক্তভোগী আমিৰ হুছেইনে।

উল্লেখযোগ্য ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অধীনত যমুনামুখ নগঞাপাম কিছামতৰ ৬২১ আৰু ৬৩২ নং দাগৰ মুঠ ভূমি আছে ৩ বিঘা ১৯লেছা। কিন্তু সেই ভূমি দখলৰ বাৱে আমিৰ হুছেইনক মৃত বুলি দেখুৱাই যোৱা ৬মাৰ্চ তাৰিখে চাবিনা ইয়াচমিন আমিৰ হুছেইন শেখ, ইৰফান আমিৰ হুছেইন শেখ আৰু শেখ বাহা উদ্দীন মো: আমিৰ হুছেইনৰ নামত নামজাৰি কৰা হয়। পৰৱৰ্তী সময়ত ভুক্তভোগী লোকজনে সকলো কথা গম পাই লাট মণ্ডলক অভিযোগ কৰাত পুনৰ ৭মাৰ্চত নামজাৰি খাৰিজ কৰি আমিৰ হুছেইনৰ নামতে বাহাল ৰাখে উক্ত ভূমি ডোখৰৰ পট্টা।

উক্ত ঘটনাক লৈ এতিয়া ন্যায় বিচাৰি ভুক্তভোগী আমিৰ হুছেইনে জিলা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তক অভিযোগ নামা দাখিল কৰি সংবাদ মেলৰ আয়োজন কৰে। এইক্ষেত্ৰত জীৱিত খৰা আমিৰ হুছেইনৰ মৃত্যুৰ প্ৰমাণ পত্ৰ কোনে দিলে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে । লাট মণ্ডল গৰাকীয়ে তদন্ত নকৰাকৈ কেনেকৈ নামজাৰি কৰিলে তাক লৈয়ো প্ৰশ্ন উঠিছে। এই সকলো তথ্য বিভাগীয় কৰ্তৃপক্ষৰ তদন্তৰ পিছতে পোহৰলৈ আহিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande