গুৱাহাটী, ১৪ মাৰ্চ (হি.স.)। তিনিদিনীয়া অসম ভ্ৰমণসূচী লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত হ’ব। এই ভ্ৰমণৰ সময়ত তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কাইলৈ ১৫ মাৰ্চ শনিবাৰে দেৰগাঁৱত অসম চৰকাৰে নিৰ্মাণ কৰা লাচিত বৰফুকন আৰক্ষী একাডেমী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ইয়াৰ পিছত তেওঁ মিজোৰামলৈ যাব। মিজোৰাম ভ্ৰমণৰ সময়ত, তেওঁ আইজলৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত থকা জোখোৱাছাঙত আছাম ৰাইফলছৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মিজোৰামৰ অনুষ্ঠান শেষ কৰি একেদিনাই তেওঁ গুৱাহাটীলৈ উভতি আহিব।
ইফালে ১৬ মাৰ্চ দেওবাৰে অমিত শ্বাহে এবছুৰ ৫৭ সংখ্যক বাৰ্ষিক সন্মিলনত উপস্থিত থাকিব। দেওবাৰে পুৱা কোকৰাঝাৰলৈ ৰাওনা হ’ব শ্বাহ। তাত তেওঁ দোটমাত অনুষ্ঠিত সদৌ বডো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব।
ইয়াৰ পিছতে সন্ধিয়া গুৱাহাটীলৈ উভতি আহি ৰেডিচন ব্লু হোটেলত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। সভাৰ পিছত তেওঁ নিশাই দিল্লীলৈ ৰাওনা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া