কোকৰাঝাৰ, ১১ মাৰ্চ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ তেলিপাৰাস্থিত কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰ চমুকৈ কে ভি কেত আজি বৈজ্ঞানিক উপদেষ্টা সমিতিৰ সভা অনুষ্ঠিত হয় ৷ অসম কৃষি মহাবিদ্যালয়ৰ অধীনৰ কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আয়োজিত বৈজ্ঞানিক উপদেষ্টা সমিতিৰ সভাত সভাপতিত্ব কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষন সম্প্ৰসাৰন সঞ্চালক ড° মনোৰঞ্জন নেওগ ৷
উদ্বোধনী ভাষন প্ৰদান কৰে কেভিকেৰ ভাৰপ্ৰাপ্ত মুৰব্বী তথা আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° সুনীল কুমাৰ পালে ৷ তেখেতে বিগত ২০২৩-২০২৪ বৰ্ষত কে ভি কেৰ তত্বাবধানত ধান, মৰাপাটৰ পৰা আৰম্ভ কৰি শাঁক পাচঁলি, উদ্যান শষ্য, গাহৰি, এৰি-পলু পালন, বৈজ্ঞানিক পদ্ধতিত মাছ পালন, কৃষিজাত সামগ্ৰীৰ পৰা খাদ্য-সামগ্ৰী প্ৰস্তুত, কৃষিত যুৱ শক্তিৰ অংশগ্ৰহণ, কৰ্মসংস্থাপন সৃষ্টি আদি বিভিন্ন দিশ উল্লেখ কৰে ৷ খেতিত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰিলে কৃষকে কিমান লাভবান হ’ব পাৰে সেই সন্দৰ্ভত প্ৰজেক্টৰৰ সহযোগত ব্যাখ্যা কৰাৰ লগতে আগন্তক বৰ্ষত কৃষিৰ উন্নয়ন তথা উৎপাদন অধিক কৰিবলৈ কি ধৰনৰ কাৰ্য্যসুচীত হাতত লোৱা হ’ব সেই সন্দৰ্ভত বিস্তাৰিত ভাবে ব্যাখ্যা কৰে মুখ্য বিজ্ঞানী গৰাকীয়ে ৷
অনুষ্ঠানত কৃষি তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হোৱা বিভিন্ন বিভাগত নতুন প্ৰযুক্তিৰ উদ্ভাৱনৰ ওপৰত বিশেষজ্ঞ পশু বিজ্ঞান মহাবিদ্যালয়ৰ সঞ্চালক ড° বীৰেন্দ্ৰ নাথ ভট্টাচাৰ্য, জিলা কৃষি বিষয়া দিগন্ত থাপাই গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ দিয়ে ৷ অনুষ্ঠানত পশু পালন আৰু পশু চিকিৎসা বিষয়া ড° তৰণী কান্ত কলিতা, জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা গৌতম দাস, ডিআইচিৰ সহকাৰী সঞ্চালক কিশোৰ গুপ্তা, মীন বিভাগৰ বিষয়া নিলো দাস সহ বিভিন্ন বিভাগৰ কেইবাগৰাকী বিষয়াই উপস্থিত থাকি পৰামৰ্শ আগবঢ়ায় ৷
কে ভি কেৰ সমুদায় বিজ্ঞানৰ বিষয় বস্তু বিশেষজ্ঞা পৰ্ণা শৰ্মাৰ তত্বাবধানত আয়োজিত অনুষ্ঠানৰ আতধৰে বিজ্ঞানী শান্তনু কৌশিক বৰাই। অনুষ্ঠানত, মৎস বিভাগৰ প্ৰকল্প সহায়ক দীপাঙ্কৰ শইকীয়া, সহ বিভিন্ন বিভাগৰ বিশেষজ্ঞৰ উপৰি কেবাগৰাকী প্ৰগতিশীল কৃষক উপস্থিত থাকে ৷ কৃষি ক্ষেত্ৰত আধুনিকীকৰণ, বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ, প্ৰগতিশীল কৃষকক প্ৰশিক্ষণ আদিকে ধৰি বিভিন্ন কাৰিকৰী কৌশল প্ৰয়োগ, আৰ্থ সামাজিক উন্নয়ন, নিবনুৱা যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ ওপৰত কৃষি বিজ্ঞান কেন্দ্ৰই লোৱা ব্যৱস্থাপনাত সন্তুষ্টি প্ৰকাশ কৰি কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত জিলাখনৰ বিভিন্ন স্তৰৰ ৰাইজে যথেষ্ট উপকৃত হ’ব বুলি কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষন সম্প্ৰসাৰন সঞ্চালক ড° মনোৰঞ্জন নেওগ আশা প্ৰকাশ কৰে ৷
উল্লেখ্য যে সভাত কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা নেচাৰ টু নৌৰিশনামৰ এখন পুথি উন্মোচন সহ বন্তি প্ৰজ্জ্বলন কৰি সভাৰ উদ্বোধন কৰে সম্প্ৰসাৰন সহযোগী সঞ্চালক ড° মনোৰঞ্জন নেওগে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ