দৰং কৰ্কট কেন্দ্ৰত বিশ্ব কৰ্কট দিৱস পালন
দৰং, ০৪ ফেব্ৰুৱাৰী (হি.স.)। দৰং কৰ্কট কেন্দ্ৰত বিশ্ব কৰ্কট দিৱস পালন। অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত গড় লৈ উঠা অসমৰ বিভিন্ন জিলাত কৰ্কট কেন্দ্ৰৰ অন্যতম দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত বিভিন্ন কাৰ্যসুচীৰে বিশ্ব কৰ্কট দিৱস পালন কৰা হয়। দৰং ক
দৰং কৰ্কট কেন্দ্ৰত বিশ্ব কৰ্কট দিৱস পালন


দৰং, ০৪ ফেব্ৰুৱাৰী (হি.স.)। দৰং কৰ্কট কেন্দ্ৰত বিশ্ব কৰ্কট দিৱস পালন। অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত গড় লৈ উঠা অসমৰ বিভিন্ন জিলাত কৰ্কট কেন্দ্ৰৰ অন্যতম দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত বিভিন্ন কাৰ্যসুচীৰে বিশ্ব কৰ্কট দিৱস পালন কৰা হয়।

দৰং কৰ্কট কেন্দ্ৰৰ পৰা বিশ্ব কৰ্কট দিৱস উপলক্ষে এক শোভাযাত্ৰাৰ আয়োজন কৰা হয়। বিশ্ব কৰ্কট দিৱসৰ সৈতে সংগতি ৰাখি উলিওৱা কৰ্কট সজাগতা মুলক শোভাযাত্ৰা উদ্বোধন কৰে দৰঙৰ অতিৰিক্ত আয়ুক্ত মানস কুমাৰ শইকীয়াই। দৰং কৰ্কট কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰী আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ৰ জি এন এম প্ৰশিক্ষণ গ্ৰহন কৰি থকা নাৰ্চ সকলে শোভাযাত্ৰাত অংশগ্ৰহন কৰে। কৰ্কট ৰোগৰ সাৱধানতা আৰু ধুম্ৰপান বৰ্জন কৰক সজাগতা মুলক শ্লোগান সম্বলিত প্লেকাৰ্ড হাতে হাতে লৈ অংশগ্ৰহন কৰে।

স্বাস্থ্য হৈছে সৰ্বোত্তম ধন,নিচাক নাকচ কৰা জীৱনক আকোৱালি লোৱা,সজাগ হওঁক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজক ,লাজ নকৰি সচেতন হওক প্ৰাথমিক চিনাক্তৰ বাবে আগুৱাই আহক শ্লোগানেৰে মঙলদৈ চহৰৰ মাজেৰে উলিওৱা ৰেলীত‌ প্ৰায় শতাধিক লোকে অংশগ্ৰহন কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande