গুৱাহাটী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। কামৰূপ মহানগৰ জিলাত অহা ৮ আৰু ৯ ফেব্ৰুৱাৰীত জিলা পৰ্যায়ৰ খেল মহাৰণ ২.০ অনুষ্ঠিত হ'ব। সেই অনুসৰি অহা ৮ ফেব্ৰুৱাৰীত সকলো শ্ৰেণীৰ বাবে কাবাদী,এথলেটিকছ,দবা,
চাইকেল চলোৱা খেল অনুষ্ঠিত হ'ব।
একেদৰে অহা ৯ ফেব্ৰুৱাৰীত ফুটবল আৰু ভলীবল খেল অনুষ্ঠিত হ'ব । জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত সমষ্টি পৰ্যায়ৰ পৰা নিৰ্বাচিত হৈ অহা খেলুৱৈয়েহে অংশগ্ৰহণ কৰিব পাৰিব। সাঁতোৰৰ বাবে সৰুসজাইস্থিত ড০ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অহা ৮ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজাৰ পৰা বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব। ১৪ বছৰৰ তলৰ ল'ৰা/ছোৱালী আৰু ১৭ বছৰৰ তলৰ ল'ৰা/ছোৱালী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব । আগ্ৰহী খেলুৱৈসকলে জন্মৰ প্ৰমাণপত্ৰ,খেল মহাৰণ ২.০ ৰ পঞ্জীয়ণ পত্ৰ আৰু আধাৰ কাৰ্ড(বাধ্যতামূলক) সংশ্লিষ্ট ঠাইত আনিব লাগিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী