'অসমক কৃষিজাত সামগ্রী ৰপ্তানি কৰা এক আগশাৰীৰ ৰাজ্যত পৰিণত কৰা হ'ব'- উদ্যোগ মন্ত্ৰী বিমল বড়া
ৰাজ্য চৰকাৰ আৰু এপেডাৰ উদ্যোগত ক্ৰেতা - বিক্রেতা সন্মিলন গুৱাহাটী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। 'আমাৰ ৰাজ্যখনত বহু প্ৰত্যাহ্বান আছে যদিও আমি অসমক এক আগশাৰীৰ কৃষিজাত সামগ্রী ৰপ্তানীকাৰী ৰাজ্যত পৰিণত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো আৰু অচিৰেই আমি এই ল
'অসমক কৃষিজাত সামগ্রী ৰপ্তানি কৰা এক আগশাৰীৰ ৰাজ্যত পৰিণত কৰা হ'ব'- উদ্যোগ মন্ত্ৰী বিমল বড়া


ৰাজ্য চৰকাৰ আৰু এপেডাৰ উদ্যোগত ক্ৰেতা - বিক্রেতা সন্মিলন

গুৱাহাটী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। 'আমাৰ ৰাজ্যখনত বহু প্ৰত্যাহ্বান আছে যদিও আমি অসমক এক আগশাৰীৰ কৃষিজাত সামগ্রী ৰপ্তানীকাৰী ৰাজ্যত পৰিণত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো আৰু অচিৰেই আমি এই লক্ষ্যত উপনীত হ'ম'-আজি গুৱাহাটীৰ এখন হোটেলত অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ কৃষি আৰু সংসাধিত খাদ্য সামগ্রী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষৰ যুটীয়া উদ্যোগত আয়োজিত আন্ত:ৰাষ্ট্ৰীয় সন্মিলন তথা ক্ৰেতা-বিক্ৰেতা সন্মিলনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই এইদৰে কয়।

অসমক এখন কৃষি প্ৰধান ৰাজ্য বুলি উল্লেখ কৰি উদ্যোগ মন্ত্ৰী বড়াই সম্প্ৰতি অসমত গঢ় লৈ উঠা অনুকূল পৰিবেশ আৰু অসমৰ ভৌগলিক অৱস্থানে ৰাজ্য খনক দক্ষিণ পূৱ এছিয়াৰ দেশ সমূহৰ বাবে বিশ্ব মানৰ কৃষিজাত দ্ৰব্য ৰপ্তানিকৰা এক বজাৰত পৰিণত কৰাৰ পূর্ণ সম্ভাৱনাক বাস্তবায়িত কৰাৰ দিশত চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে বুলি ভাষণত উল্লেখ কৰে।

শেহতীয়া ভাৱে ১৬মেট্ৰিক টন প্ৰাকৃতিক মৌ আৰু ২৬ মেট্ৰিক টন আদা অসমৰ পৰা ডুবাইলৈ ৰপ্তানি কৰাটো এক ইতিবাচক দিশ বুলিও মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কেচা খাদ্য সামগ্রী ৰপ্তানি কৰাৰ সলনি সম্প্ৰতি সংসাধিত খাদ্য সামগ্রী ৰপ্তানিত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলিও কয়।

এপেডাৰ সহযোগত কৃষক সকলে এই দিশত প্ৰশিক্ষণ লাভ কৰি উপকৃত হোৱাৰ কথা ব্যক্ত কৰি মন্ত্ৰী বড়াই লগতে কয় যে খাদ্য দ্ৰব্য নষ্ট হৈ যোৱাৰ পৰা ৰক্ষা পাবলৈ শীতলীকৃত যতন, পেকেজিঙৰ সুবিধা, অত্যাধুনিক ৰপ্তানি কৰণ ব্যৱস্থা আগবঢ়াই আমাৰ কৃষকৰ উৎপাদিত সামগ্রীয়ে আন্ত:ৰাষ্ট্ৰীয় বজাৰ লাভ কৰাত এপেডাৰ সাহায্যৰ কথা প্ৰসংগ ক্ৰমে উনুকীয়ায়।

অসমত পোন প্ৰথমবাৰৰ বাবে বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ দ্বাৰা নলবাৰীত ৰূপায়িত হৈ থকা গ্ৰীণ ফিল্ড প্ৰকল্পত উৎপাদিত হ'ব লগীয়া চিপচ্ ৰ বাবে প্ৰয়োজনীয় আলু অসমতে উৎপাদন কৰা হ'ব বুলি মন্তব্য কৰি মন্ত্ৰী বড়াই জাগিৰোডত নিৰ্মাণ হ'ব লগা লজিষ্টিক পাৰ্ক খনে ৰপ্তানি কাৰী সকলক পৰিবহনৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সা সুবিধা আগবঢ়া বুলিও ভাষণ প্ৰসংগত কয়। সন্মিলনত উপস্থিত দেশী বিদেশী ক্ৰেতা-বিক্ৰেতা সকলক অসমৰ প্ৰচুৰ সম্ঙাৱনাপূৰ্ণ কৃষিজাত সামগ্রীৰ বজাৰ খনক বিশ্ব মুখী কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবেও মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।

উল্লেখ্য যে অসমৰ কৃষিজাত সামগ্রীৰ লগতে সংসাধিত খাদ্য সামগ্রী সমূহক আন্ত:ৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰা, এই সামগ্রীৰ ক্ৰয় আৰু বিক্ৰয ব্যৱস্থা সৰলী কৃত কৰা, আন্ত:ৰাষ্ট্ৰীয় ক্ৰেতা সকলক অসমৰ কৃষিজাত সামগ্রীৰ বজাৰ খনৰ বিষয়ে অৱগত কৰণৰ বাবে অসম চৰকাৰৰ সহযোগত এপেডাই এই আন্ত:ৰাষ্ট্ৰীয় সন্মিলন তথা ক্ৰেতা-বিক্ৰেতা সন্মিলনখন আৰু কৃষিজাত তথা উদ্যান শস্যৰ প্ৰদৰ্শনী খনৰ আয়োজন কৰে।

আজিৰ সন্মিলনখনত এপেডাৰ বিষয়া সকলৰ লগতে ৰাজ্য চৰকাৰৰ তথ্য আৰু জন সংযোগ বিভাগৰ আয়ুক্ত -সচিব অৰুণা ৰাজৰিয়া, জলসিঞ্চন বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিত্তালকে ধৰি কেবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ লগতে দেশ বিদেশৰ ভালে সংখ্যক ক্ৰেতা- বিক্রেতাই অংশ গ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande