কামৰূপ, ০৪ ফেব্ৰুৱাৰী (হি.স.)। ধ্যান ফাউণ্ডেচনৰ উদ্যোগত কামৰূপৰ দদৰাত গোশালাৰ চাৰি বেৰৰ আধাৰশিলা স্থাপন। আনটাইড ফাণ্ডৰ পৰা প্ৰায় ১ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ উলিওৱা গোশালাৰ চাৰিওবেৰ আধাৰশিলা মুকলি কৰে কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই
অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণ কৰিব গোশালাৰ চাৰিসীমাৰ বেৰ। সমগ্ৰ অসমত ধ্যান ফাউণ্ডেচনৰ উদ্যোগত মুঠ ৪ খন গোশালাৰ আছে । দদৰা গোশালত আছে ১০৫৫ টা বিভিন্ন প্ৰকাৰৰ গৰু । সমগ্ৰ দেশতে ধ্যান ফাউন্ডেচনে মুঠ ৪৫ টা গোশালাত মুঠ ৭০ হাজাৰ গৰুৰ পোহপাল কৰি আছে ।
আৰু আজি ইয়াৰে কামৰূপৰ দদৰাত ২০ বিঘা মাটিত স্থাপন কৰা গোশালাৰ চাৰিবেৰৰ আধাশিলা স্থাপন কৰা হয়। উল্লেখ্য , ভাৰত -বাংলাদেশ সীমান্তত সীমান্তৰক্ষীয়ে উদ্ধাৰ কৰা চোৰাং তথা চুৰি গৰু উদ্ধাৰ কৰি কামৰূপ দদৰাস্থিত গোশালৈ অনা হয়। আজিৰ এই কাৰ্যসূচী ত উপস্থিত থাকে লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা শান্তনু নাথ , নাথ , কামৰূপ উন্নয়ন আয়ুক্ত সুশান্ত দত্ত আদি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা