অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০০ সংখ্যক টেষ্ট খেলি অৱসৰ ল’ব শ্ৰীলংকাৰ বেটছমেন ডিমুথ কৰুণাৰত্নে
নতুন দিল্লী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। শ্ৰীলংকাৰ প্ৰবীণ বেটছমেন ডিমুথ কৰুণাৰত্নে এই সপ্তাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০০ সংখ্যক টেষ্ট মেচখন তেওঁৰ কেৰিয়াৰৰ শেষ টেষ্ট হ’ব বুলি ঘোষণা কৰিছে। বৃহস্পতিবাৰে শ্ৰীলংকাৰ হৈ ১০০খন টেষ্ট খেলা সপ্তম ক্ৰিকেটাৰ হিচাপে
শ্ৰীলংকাৰ বেটছমেন ডিমুথ কৰুণাৰত্নে


নতুন দিল্লী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। শ্ৰীলংকাৰ প্ৰবীণ বেটছমেন ডিমুথ কৰুণাৰত্নে এই সপ্তাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০০ সংখ্যক টেষ্ট মেচখন তেওঁৰ কেৰিয়াৰৰ শেষ টেষ্ট হ’ব বুলি ঘোষণা কৰিছে।

বৃহস্পতিবাৰে শ্ৰীলংকাৰ হৈ ১০০খন টেষ্ট খেলা সপ্তম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব কৰুণাৰত্নে। ২০১২ চনৰ নৱেম্বৰ মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটোৱা গালে খেলপথাৰত তেওঁ নামিব।

শ্ৰীলংকাৰ অন্যতম সফল অ’পেনাৰ

কৰুণাৰত্নে নিজৰ কেৰিয়াৰত শ্ৰীলংকাৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। টেষ্ট ক্ৰিকেটত শ্ৰীলংকাৰ হৈ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী। তেওঁৰ নামত ৭১৭২ টা টেষ্ট ৰাণ আছে, য’ত অ’পেনাৰ হিচাপে ৭০৭৯ ৰান আছে।

অৱসৰ লোৱাৰ সিদ্ধান্তৰ বিষয়ে কোৱাৰ সময়ত কৰুণাৰত্নেই ডেইলী এফ টি কাকতক কয় যে এজন টেষ্ট খেলুৱৈৰ বাবে মাত্ৰ চাৰিখন মেচতে নিজৰ ফৰ্ম বজাই ৰখা আৰু নিজকে অনুপ্ৰাণিত কৰি ৰখাটো কঠিন। তেওঁ লগতে আঙুলিয়াই দিয়ে যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) আৰম্ভ হোৱাৰ পিছত শ্ৰীলংকাই অতি কম সংখ্যক দ্বিপাক্ষিক শৃংখলা খেলাৰ সুযোগ পাইছে।

শেহতীয়া ফৰ্ম হৈ পৰিল অৱসৰৰ কাৰণ

যদি আমি কৰুণাৰত্নেৰ প্ৰদৰ্শন চাওঁ, ২০২৪ চনৰ আৰম্ভণিৰ পৰা তেওঁ ১১খন টেষ্ট মেচত গড়ে ২৭.০৫ ৰান কৰি মাত্ৰ ৫৪১ ৰানহে কৰিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ৭ আৰু ০ ৰানত আউট হৈছিল।

তেওঁ কয়, মই এঞ্জেলো মেথিউছ আৰু দীনেশ চাণ্ডিমলৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত লৈছো। আমি তিনিওজনে একেলগে অৱসৰ লোৱাতকৈ এজন এজনকৈ এই পদক্ষেপ লোৱাটোৱেই ভাল হ'ব।

কৰুণাৰত্নেই এয়াও স্বীকাৰ কৰে যে টেষ্ট মেচ কম পোৱাৰ বাবে তেওঁ হয়তো ১০ হাজাৰ ৰানৰ সীমাত উপনীত হ’ব নোৱাৰিব। সেয়ে তেওঁ অৱসৰ লোৱাৰ সিদ্ধান্ত ল’লে।

কৰুণাৰত্নেৰ এই কৃতিত্ব শ্ৰীলংকাৰ ক্ৰিকেটৰ বাবে স্মৰণীয় হৈ থাকিব আৰু তেওঁৰ অৱদান দীৰ্ঘদিনলৈ প্ৰশংসা কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande