জামুগুৰিহাটত কন্যকা সামাজিক ন্যাসৰ উদ্যোগত ৰক্তদান শিৱিৰৰ আয়োজন
শোণিতপুৰ,০৪ ফেব্ৰুৱাৰী (হি.স.)। জামুগুৰিহাটত কন্যকা সামাজিক ন্যাসৰ উদ্যোগত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰা হৈছে৷ এশ গৰাকী যুৱকৰ ৰক্তদান৷ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা প্ৰকল্পত ভৰলী পৰীয়া বহুমুখী কন্যকা কৃষি পামৰ অন্যতম শাখা “কন্যকা সামাজিক ন্যাস”ৰ উদ্যো
জামুগুৰিহাটত কন্যকা সামাজিক ন্যাসৰ উদ্যোগত ৰক্তদান শিৱিৰৰ আয়োজন


শোণিতপুৰ,০৪ ফেব্ৰুৱাৰী (হি.স.)। জামুগুৰিহাটত কন্যকা সামাজিক ন্যাসৰ উদ্যোগত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰা হৈছে৷ এশ গৰাকী যুৱকৰ ৰক্তদান৷

জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা প্ৰকল্পত ভৰলী পৰীয়া বহুমুখী কন্যকা কৃষি পামৰ অন্যতম শাখা “কন্যকা সামাজিক ন্যাস”ৰ উদ্যোগত এক ৰক্তদান শিৱিৰ অনুষ্ঠিত হৈ যায়৷ শিবিৰত জামুগুৰিহাট অঞ্চলৰ শতাধিক যুৱকে ৰক্তদান কৰে ৷ ৰক্তদান শিৱিৰ পূৱা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে চতিয়া সমষ্টিৰ বিধায়ক তথা কন্যকা সামাজিক ন্যাসৰ অধ্যক্ষ পদ্ম হাজৰিকাই৷

শিৱিৰৰ শুভাৰম্ভ কৰি বিধায়ক গৰাকীয়ে উল্লেখ কৰে-কন্যকা সামাজিক ন্যাস ৰ উদ্যোগত পাচঁ শতাধিক যুৱকে ৰক্ত প্ৰদানৰ বাৱে সাজু হৈছে আৰু তিনি মাহৰ মুৰে মুৰে শিৱিৰ অনুষ্ঠিত হব৷ ৰক্তদান শিৱিৰৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে নদুৱাৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা,শোণিতপুৰ জিলাৰ স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ৰূপক বৰুৱা, নদুৱাৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰা প্ৰমুক্ষে বিভিন্নজনে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande