বৰপেটাত বিশ্ব কৰ্কট দিৱস উপলক্ষে সজাগতা ৰেলী
বৰপেটা, ০৪ ফেব্ৰুৱাৰী (হি.স.)। বৰপেটাত বিশ্ব কৰ্কট দিৱস উপলক্ষে সজাগতা ৰেলী । কৰ্কট ৰোগ চিনাক্তকৰণৰ ওপৰত গুৰুত্ব প্ৰদান। বৰপেটাত বিশ্ব কৰ্কট দিৱস পালন। বিশ্ব কৰ্কট দিৱস উপলক্ষে বৰপেটাত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কৰ্কট সজাগতা সমদল। বৰপেটা কেঞ্
বৰপেটাত বিশ্ব কৰ্কট দিৱস উপলক্ষে সজাগতা ৰেলী


বৰপেটা, ০৪ ফেব্ৰুৱাৰী (হি.স.)। বৰপেটাত বিশ্ব কৰ্কট দিৱস উপলক্ষে সজাগতা ৰেলী । কৰ্কট ৰোগ চিনাক্তকৰণৰ ওপৰত গুৰুত্ব প্ৰদান।

বৰপেটাত বিশ্ব কৰ্কট দিৱস পালন। বিশ্ব কৰ্কট দিৱস উপলক্ষে বৰপেটাত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কৰ্কট সজাগতা সমদল।

বৰপেটা কেঞ্চাৰ হস্পিটালৰ পৰা এক সমদল উলিয়াই ৰাইজৰ ম৩জত কৰ্কট ৰোগৰ বিষয়ে সজাগতাৰ প্ৰয়াস চলায় ।

বৰপেটা কেঞ্চাৰ হস্পিটালৰ চিকিৎসক কৰ্মচাৰী সকলে অংশগ্ৰহন কৰা এই সজাগতা সমদলটো মুকলি কৰে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে । ডাঃ ৰমেন তালুকদাৰে ৰোগৰ ৰোগৰ চিনাক্তকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। বিশেষকৈ কৰ্কট ৰোগৰ পৰা হাত সৰাৰ বাবে প্ৰাথমিক চিনাক্তকৰণৰ বাবে আগুৱাই আহিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

সজাগতা সমদলটোত বৰপেটা কেঞ্চাৰ হস্পিটালৰ অধীক্ষক লেফটেনেন্ট কৰ্ণেল ডাঃ দীপক আগৰৱালায়ো অংশগ্ৰহণ কৰে।

সজাগতা সমালোচনা অংশ লৈ অধীক্ষক ডাঃ প্ৰদীপ কুমাৰ আগৰৱালাই জীৱন ধাৰণৰ পদ্ধতি, খাদ্যত মাত্ৰাধিক ৰাসায়নিক পদাৰ্থ আদিৰ পৰা কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে । কৰ্কট ৰোগৰ পৰা হাত সৰাৰ উদ্দেশ্যে যোগ - প্ৰাণায়াম কৰিবলৈও অধীক্ষক গৰাকীয়ে পৰামৰ্শ দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande