মেক্সিকো আৰু কানাডাৰ ওপৰত শুল্ক ৩০ দিনৰ বাবে পিছুৱাই দিলে ট্ৰাম্পে
ৱাশ্বিংটন, 0৪ ফেব্ৰুৱাৰী (হি.স.)। মেক্সিকোৰ পিছত আমেৰিকাইও কানাডাৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত ৩০ দিনৰ বাবে পিছুৱাই দিছে। দুয়োখন দেশে সীমান্ত নিৰাপত্তা আৰু অধিক শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দুদিন পূৰ্ব
ট্ৰাম্প, ট্ৰুডো আৰু শিনবাম


ৱাশ্বিংটন, 0৪ ফেব্ৰুৱাৰী (হি.স.)। মেক্সিকোৰ পিছত আমেৰিকাইও কানাডাৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত ৩০ দিনৰ বাবে পিছুৱাই দিছে। দুয়োখন দেশে সীমান্ত নিৰাপত্তা আৰু অধিক শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দুদিন পূৰ্বে ট্ৰাম্পে মেক্সিকো আৰু কানাডাৰ ওপৰত ২৫ শতাংশকৈ শুল্ক আৰু চীনৰ ওপৰত ১০ শতাংশ শুল্ক ঘোষণা কৰিছিল।

এই সিদ্ধান্তৰ প্ৰায় ২৪ ঘণ্টাৰ পিছত মেক্সিক’ৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামৰ সৈতে আলোচনাৰ অন্তত ট্ৰাম্পে এই শুল্ক এমাহৰ বাবে পিছুৱাই দিবলৈ সন্মত হয়। চীনৰ পৰা আমদানিৰ ওপৰত আৰোপ কৰা শুল্ক আপাততঃ অব্যাহত থাকিব।

কানাডাৰ সীমান্তৰ মাজেৰে ফেণ্টানিলৰ দৰে অবৈধ ড্ৰাগছ আমেৰিকাত প্ৰৱেশ বন্ধ কৰাৰ বাবে কানাডাই পদক্ষেপ লোৱাৰ পিছতে ৩০ দিনৰ বাবে শুল্ক স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইয়াৰ পূৰ্বে ট্ৰাম্পৰ সৈতে ফোনত হোৱা বাৰ্তালাপৰ সময়ত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ফেণ্টানিলৰ চোৰাং ব্যৱসায় বন্ধ কৰিবলৈ বিশেষ তদন্তকাৰী দল নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

ট্ৰুডোৱে এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত কয় যে তেওঁ ট্ৰাম্পৰ সৈতে হোৱা কথা-বতৰাত সীমান্তৰ নিৰাপত্তা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল, তাৰ পিছত ট্ৰাম্পে শুল্ক পিছুৱাই দিবলৈ সন্মত হৈছিল। সীমান্ত সুৰক্ষাৰ বাবে কানাডাৰ ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিছে ট্ৰুডোৱে।

এই কথা নিশ্চিত কৰি ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত লিখিছে, “কানাডাই নিশ্চিত কৰিছে যে আমেৰিকাৰ সৈতে নিজৰ উত্তৰ সীমান্ত সুৰক্ষিত হ’ব।”

ইয়াৰ পূৰ্বে সোমবাৰে মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা আলোচনাৰ পিছত মেক্সিকোৰ ওপৰত আৰোপ কৰা শুল্ক এমাহৰ বাবে পিছুৱাই দিয়া হৈছে।

মেক্সিকোৰ ৰাষ্ট্ৰপতি শ্বেইনবামে ছ’চিয়েল মিডিয়াত লিখিছে যে মেক্সিকোৱে সীমান্তত ১০ হাজাৰ নেশ্যনেল গাৰ্ড নিয়োগ কৰিব যাতে ফেণ্টানিলৰ দৰে ড্ৰাগছৰ চোৰাংচোৱাগিৰি বন্ধ কৰিব পাৰে। ইয়াৰ লগতে মেক্সিকোৰ ৰাষ্ট্ৰপতিয়ে কয় যে দুয়োখন দেশে নিৰাপত্তা আৰু বাণিজ্যৰ ওপৰত আলোচনা অব্যাহত ৰাখিব আৰু এতিয়া শুল্ক এমাহৰ বাবে পিছুৱাই দিয়া হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande