হিমাচল প্ৰদেশৰ কুল্লুত ভূমিকম্পৰ জোকাৰণি, তীব্ৰতা ৩.৪
শিমলা, ০৩ ফেব্ৰুৱাৰী (হি.স.)। তীব্ৰ ঠাণ্ডাৰ মাজতে হিমাচল প্ৰদেশত ভূমিকম্পৰ কম্পন অনুভূত হয়। সোমবাৰে পুৱা পাহাৰীয়া জিলা কুল্লুত মৃদু ভূমিকম্পৰ ফলত কঁপি উঠিছিল ভূমি। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৩.৪। এই কঁপনি ৰাতিপুৱা ৬:৫০ বজাত কেইছেকেণ্ডমান
হিমাচল প্ৰদেশৰ কুল্লুত ভূমিকম্পৰ জোকাৰণি, তীব্ৰতা ৩.৪


শিমলা, ০৩ ফেব্ৰুৱাৰী (হি.স.)। তীব্ৰ ঠাণ্ডাৰ মাজতে হিমাচল প্ৰদেশত ভূমিকম্পৰ কম্পন অনুভূত হয়। সোমবাৰে পুৱা পাহাৰীয়া জিলা কুল্লুত মৃদু ভূমিকম্পৰ ফলত কঁপি উঠিছিল ভূমি। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৩.৪। এই কঁপনি ৰাতিপুৱা ৬:৫০ বজাত কেইছেকেণ্ডমান সময় ধৰি চলিছিল। কুল্লু জিলাৰ কাষৰীয়া অঞ্চলবোৰতো ইয়াৰ প্ৰভাৱ অনুভৱ কৰা হৈছিল। শিমলাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি কুল্লুত ৩১.৭৬ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৭৭.৪৯ ডিগ্ৰী পূব দ্ৰাঘিমাংশত ভূমিকম্পৰ কেন্দ্ৰ আছিল আৰু ইয়াৰ গভীৰতা ভূপৃষ্ঠৰ পৰা পাঁচ কিলোমিটাৰ তলত ৰেকৰ্ড কৰা হৈছে। ভূমিকম্পৰ ফলত এতিয়ালৈকে কোনো লোকৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এগৰাকী বিষয়াই জনোৱা মতে, ভূমিকম্পৰ তীব্ৰতা কম হোৱাৰ বাবে কুল্লু জিলা আৰু ইয়াৰ কাষৰীয়া অঞ্চলত কোনো ধৰণৰ ক্ষতি হোৱা নাই।

ইয়াৰ পূৰ্বে কুল্লু জিলাৰ সংলগ্ন মাণ্ডী, লাহাউল স্পিটি আৰু কিন্নৌৰ জিলাত কেইবাবাৰো কম তীব্ৰতাৰ ভূমিকম্প সংঘটিত হৈছে। অৱশ্যে এই সময়ছোৱাত কোনো ধৰণৰ ক্ষতি হোৱা নাছিল।

হিমাচল প্ৰদেশত ধাৰাবাহিকভাৱে সংঘটিত হোৱা ভূমিকম্পই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ইয়াত বিগত কেইবাবছৰ ধৰি ভূমিকম্প সংঘটিত হৈ আহিছে।

উল্লেখযোগ্য যে ভূমিকম্পৰ ক্ষেত্ৰত হিমাচল প্ৰদেশ অতি স্পৰ্শকাতৰ জ'ন ৪ আৰু ৫ ৰ ভিতৰত অন্তৰ্ভুক্ত। ইয়াত বহু বছৰ ধৰি ভূমিকম্পৰ মৃদু কম্পন অনুভৱ কৰা হৈছে। ১৯০৫ চনত কাংৰা আৰু চাম্বা জিলাত হোৱা ভয়াৱহ ভূমিকম্পত ১০ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল।

আগন্তুক দুদিন ধৰি হিমাচলত ডাৱৰীয়া বৰষুণ, সতৰ্কতা জাৰি কৰা হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰ শিমলাই জাৰি কৰা পূৰ্বাভাস অনুসৰি ৰাজ্যত পশ্চিমীয়া মলয়াৰ বাবে আজিৰ পৰা বতৰৰ পৰিৱৰ্তন হ’ব। বিশেষকৈ আগন্তুক দুদিনত ধাৰাসাৰ বৰষুণ আৰু বৰফ পৰাৰ সম্ভাৱনা আছে। অহা ২৪ ঘন্টাত অৰ্থাৎ ৪ ফেব্ৰুৱাৰীত কিন্নৌৰ আৰু লাহাউল স্পিটিৰ বাহিৰে ১০খন জিলাৰ আটাইকেইখনতে ধুমুহা আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে। অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ বতৰ পৰিষ্কাৰ হৈ থকাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande