চণ্ডীগড়, ১৭ ফেব্ৰুৱাৰী (হি.স.)। ভাৰত-পাক সীমান্তৱৰ্তী অঞ্চলত ড্ৰ’ন সৰবৰাহৰ বিৰুদ্ধে তিনিটা পৃথক অভিযান চলাই বি এছ এফে দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বিপুল পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰে।
দেওবাৰে গভীৰ নিশা প্ৰকাশ পোৱা তথ্যত বি এছ এফৰ মুখপাত্ৰই কয় যে এই হেৰ’ইন পাকিস্তানৰ ফালৰ পৰা ভাৰতৰ সীমান্তত পেলাই দিয়া হৈছে। বি এছ এফৰ মুখপাত্ৰৰ মতে, প্ৰথমটো অভিযানত অমৃতসৰৰ অজনলা থানাৰ অন্তৰ্গত চকবাল গাঁৱৰ এজন সন্দেহযুক্ত লোকৰ ঘৰত বি এছ এফ আৰু এ এন টি এফ পঞ্জাৱ আৰক্ষীয়ে যৌথভাৱে অভিযান চলায়।
তালাচীৰ সময়তে কাপোৰেৰে মেৰিয়াই থোৱা বগা পলিথিনৰ বেগত ভৰাই থকা ১.৫৬০ কেজি হেৰ’ইনৰ সৈতে ধৰা পৰে।
চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত দ্বিতীয়টো অভিযানত বি এছ এফে সীমান্তৰ সিপাৰে ড্ৰাগছ কঢ়িয়াই অনা পাকিস্তানী ড্ৰ’ন এখনক বাধা দিবলৈ এম্বুছ স্থাপন কৰে। ড্ৰোনখনে ভাৰতত নিজৰ চালান পেলাবলৈ চেষ্টা কৰাৰ সময়তে বি এছ এফৰ জোৱানসকলে সফলতাৰে ইয়াক আটক কৰি টোপোলাটো গ্ৰহণ কৰিবলৈ অহা এজন চোৰাংচোৱাক আটক কৰে। পঞ্জাৱৰ তৰ্ণ তৰণ জিলাৰ দল গাঁৱৰ এজন সন্দেহযুক্ত লোকৰ পৰা বি এছ এফে ১.০৯৫ কেজি হেৰ’ইন আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰে।
তৃতীয়টো অভিযানত বি এছ এফৰ সৈন্যই ফিৰোজপুৰ জিলাৰ ডোনা ৰেহমত ৱালা গাঁৱৰ পৰা দুটা পৃথক পেকেটত এক কেজি হেৰ’ইন উদ্ধাৰ কৰে। পাকিস্তানী ড্ৰ’নে পেলাই দিয়া এই ড্ৰাগছসমূহ হুক লগোৱা হালধীয়া পেকেটত ভৰাই থোৱা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া