কাইলৈ ​​মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ অৱসৰ গ্ৰহণ, আয়োগৰ বিদায় সম্ভাষণ
নতুন দিল্লী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। দেশৰ ​​মুখ্য নিৰ্বাচন আয়ুক্ত পদৰ পৰা কাইলৈ মঙলবাৰে অৱসৰ গ্ৰহণ কৰিব ৰাজীৱ কুমাৰ। ইয়াৰ পূৰ্বে তেওঁক আজি নিৰ্বাচন আয়োগে বিদায় দিয়ে। ৰাজীৱ কুমাৰে ২০২০ চনৰ ০১ ছেপ্টেম্বৰত নিৰ্বাচন আয়ুক্ত হোৱাৰ লগতে ২০২২ চনৰ ১৫ মে’ত
​​মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ


নতুন দিল্লী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। দেশৰ ​​মুখ্য নিৰ্বাচন আয়ুক্ত পদৰ পৰা কাইলৈ মঙলবাৰে অৱসৰ গ্ৰহণ কৰিব ৰাজীৱ কুমাৰ। ইয়াৰ পূৰ্বে তেওঁক আজি নিৰ্বাচন আয়োগে বিদায় দিয়ে। ৰাজীৱ কুমাৰে ২০২০ চনৰ ০১ ছেপ্টেম্বৰত নিৰ্বাচন আয়ুক্ত হোৱাৰ লগতে ২০২২ চনৰ ১৫ মে’ত দেশৰ ২৫ সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।

বিদায়ী ভাষণত মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে গণতান্ত্ৰিক মূল্যবোধ ৰক্ষাৰ ক্ষেত্রত ডেৰ কোটি ভোটগ্রহণ বিষয়াক ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ জোৰ দি কয় যে ভাৰতৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ ওপৰত প্ৰেৰিত আৰু অপ্ৰৰোচিত আক্ৰমণৰ পিছতো প্ৰায় এক বিলিয়ন ভোটাৰৰ আস্থা অদম্য হৈয়ে আছে। তেওঁ ভোটাৰসকলক, বিশেষকৈ মহিলা ভোটাৰসকলক তেওঁলোকৰ সজীৱ অংশগ্ৰহণৰ বাবে প্ৰশংসা কৰি কয় যে নিৰ্বাচনী প্ৰক্ৰিয়া এতিয়া অধিক অন্তৰ্ভুক্তিৰ দিশত আগবাঢ়িছে।

নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু ড০ সুখবীৰ সিং সন্ধুৱে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ সৰ্বাংগীন, পৰিৱৰ্তনশীল আৰু উদ্দেশ্যপ্ৰণোদিত নেতৃত্বক প্ৰশংসা কৰে। ইয়াৰ দ্বাৰা নির্বাচনী প্রক্রিয়া শক্তিশালী হৈছে আৰু বিশ্ব পর্যায়ত নির্বাচন পৰিচালনাৰ ক্ষেত্রত ভাৰতৰ মৰ্যাদা আৰু অধিক বৃদ্ধি পাইছে বুলিও তেওঁ কয়৷

উল্লেখযোগ্য যে আয়োগত তেওঁৰ কাৰ্যকালৰ বৈশিষ্ট্য আছিল গাঁথনিগত, প্ৰযুক্তি, সামৰ্থ্য বিকাশ, যোগাযোগ, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু প্ৰশাসন আদি বিভিন্ন ক্ষেত্ৰত নিৰৱ কিন্তু গভীৰ সংস্কাৰ।

ৰাজীৱ কুমাৰৰ কাৰ্যকালত বহু নিৰ্বাচনী সংস্কাৰ কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল ভোটাৰ পঞ্জীয়নৰ বাবে চাৰিটা যোগ্যতাৰ তাৰিখ কাৰ্যকৰী কৰা, য’ত ১৭ বছৰৰ ওপৰৰ যুৱক-যুৱতীসকলৰ বাবে উন্নত আবেদনৰ সুবিধা আছিল। ভোটাৰ পঞ্জীয়নৰ বাবে সৰলীকৃত প্ৰ-পত্ৰ; অসমত সীমা নিৰ্ধাৰণৰ সৈতে নিৰ্বাচনী সীমা পুনৰ নিৰ্ধাৰণ কৰা; কোনো ধৰণৰ ভয়-ভাবুকি, পলম আৰু অসৎ আচৰণৰ পৰা হাত সাৰিবলৈ ভোটাৰ সুবিধা কেন্দ্ৰত ভোটগ্ৰহণ কৰ্মীসকলে ভোটদান নিশ্চিত কৰা। এই পদক্ষেপসমূহৰ লক্ষ্য আছিল নিৰ্বাচনী প্ৰশাসনক আধুনিকীকৰণ কৰাৰ সমান্তৰালভাৱে প্ৰতিজন যোগ্য নাগৰিকক সবলীকৰণ কৰা।

কুমাৰে নিজৰ কাৰ্যকালত ৩১ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচন অনুষ্ঠিত কৰিছিল। ইয়াৰ সমান্তৰালকৈ ২০২২ চনৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ৰাজ্যসভাৰ বিভিন্ন খালী পদ পূৰণৰ লগত জড়িত নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত এয়া এক বিৰল আৰু স্মৰণীয় কৃতিত্ব। এই সময়ছোৱাত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে পুনৰ নিৰ্বাচন আৰু হিংসাৰ ঘটনা প্ৰায় শূণ্য আছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande