মালিগাঁৱৰ ৰং ভৱনত ৬৯ তম বিশিষ্ট ৰে’ল সেৱা পুৰস্কাৰ অনুষ্ঠানৰ আয়োজন
গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। মালিগাঁৱৰ নৱনিৰ্মিত ৰং ভৱন পৰিসৰত আজি ৬৯ তম বিশিষ্ট ৰে’ল সেৱা পুৰস্কাৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে মুখ্য কাৰ্যালয় আৰু পাঁচটা মণ্ডলৰ অন্তৰ্গত বিভ
মালিগাঁৱৰ ৰং ভৱনত ৬৯ তম বিশিষ্ট ৰেল সেৱা পুৰস্কাৰ অনুষ্ঠান


গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। মালিগাঁৱৰ নৱনিৰ্মিত ৰং ভৱন পৰিসৰত আজি ৬৯ তম বিশিষ্ট ৰে’ল সেৱা পুৰস্কাৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে মুখ্য কাৰ্যালয় আৰু পাঁচটা মণ্ডলৰ অন্তৰ্গত বিভিন্ন বিভাগৰ সফল কৰ্মচাৰীসকলক সন্মানিত কৰে। বিগত বছৰটোত উৎকৃষ্ট প্ৰদৰ্শনৰ স্বীকৃতিস্বৰূপে মুঠ ৬৯ টা ব্যক্তিগত বঁটা আৰু ৩৪ টা দক্ষতা শ্বিল্ড প্ৰদান কৰা হয়।

প্ৰায় চাৰি দশক পূৰ্বে ১৯৮৬ চনত স্থাপিত ৰং ভৱন উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ সাংস্কৃতিক আৰু প্ৰশাসনিক সমাৱেশৰ এক কেন্দ্ৰবিন্দু হৈ আহিছে। উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে নৱনিৰ্মিত ৰং ভৱন পৰিসৰটো সমগ্ৰ উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ কৰ্মচাৰী আৰু শ্ৰমিকক উৎসৰ্গা কৰে। অত্যাধুনিক সুবিধা আৰু নান্দনিকতাৰ সৈতে সমৃদ্ধ, এই ৰূপান্তৰণৰ পৰিণামস্বৰূপে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ সমগ্ৰ কৰ্মচাৰীবৰ্গ অনাগত বৰ্ষত অধিক উপকৃত হ'ব।

বিশিষ্ট ৰে'ল সেৱা পুৰস্কাৰে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ সফলতা অৰ্জনৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি ৰে'লৱে কৰ্মীসকলৰ বাবে ব্যতিক্ৰমী নিষ্ঠা, অধ্যৱসায় আৰু অটল প্ৰতিশ্ৰুতিক স্বীকৃতি আৰু সন্মান প্ৰদানৰ বাবে এক মঞ্চ হিচাপে কাম কৰি আহিছে। উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে নিজৰ ভাষণত গুৰুত্ব আৰোপ কৰি কয় যে ৰে'লৱে কৰ্মচাৰীবৰ্গ আৰু বিষয়াবৰ্গৰ অটল প্ৰতিশ্ৰুতি, কঠোৰ পৰিশ্ৰম আৰু সমন্বিত সংঘবদ্ধ সেৱাৰ দ্বাৰা উৎপাদনশীলতা আৰু দক্ষতাৰ ক্ষেত্ৰত আৰু অধিক সফলতা অৰ্জন কৰিছে।

গুৱাহাটী ষ্টেচনক ২০২৩-২৪ বৰ্ষৰ বাবে শ্ৰেষ্ঠ ষ্টেচন শ্বিল্ডৰে সন্মানিত কৰা হয়, আনহাতে লামডিঙৰ মাণ্ডলিক ৰে'লৱে চিকিৎসালয়ে শ্ৰেষ্ঠ চিকিৎসালয়ৰ বঁটা অৰ্জন কৰে। নিউ বঙাইগাঁও ৱৰ্কশ্বপত শ্ৰেষ্ঠ ৱৰ্কশ্বপৰ বঁটা প্ৰদান কৰা হয় আৰু নিউ জলপাইগুড়ীৰ চেন্ট্ৰেল কলনীয়ে শ্ৰেষ্ঠ ৰেলৱে কলনীৰ শ্বিল্ড অৰ্জন কৰিবলৈ সক্ষম হয়।

ৰঙিয়া মণ্ডলে পাৰ্ছনেল ডিপাৰ্টমেন্টে শ্বিল্ড লাভ কৰিবলৈ সক্ষম হয়, আনহাতে তিনিচুকীয়া মণ্ডলক অভিযান্ত্ৰিক, বৈদ্যুতিক আৰু সুৰক্ষা বিভাগত উৎকৃষ্ট সেৱা প্ৰদৰ্শন বাবে পুৰস্কৃত কৰা হয়। লামডিং মণ্ডলে মেকানিকেল, চিগনেল আৰু টেলিকম বিভাগৰ বাবে শ্বিল্ড অৰ্জন কৰে। একাউন্টছ বিভাগৰ শ্বিল্ড যুটীয়াভাৱে আলিপুৰদুৱাৰ আৰু কাটিহাৰ মণ্ডলৰ মাজত প্ৰদান কৰা হয়, আনহাতে আলিপুৰদুৱাৰ আৰু ৰঙিয়া মণ্ডলৰ বাণিজ্যিক বিভাগৰ তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে স্বীকৃতি প্ৰদান কৰা হয়। অপাৰেটিং বিভাগৰ শ্বিল্ডখন যুটীয়াভাৱে লামডিং আৰু আলিপুৰদুৱাৰ মণ্ডলে অৰ্জন কৰিবলৈ সক্ষম হয়।

উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ লামডিং মণ্ডলক বিগত বিত্তীয় বৰ্ষত তেওঁলোকৰ সৰ্বাংগীন প্ৰদৰ্শনৰ বাবে সামগ্ৰিক দক্ষতা শ্বিল্ড প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, বিভিন্ন ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা বিভিন্ন বিভাগ আৰু ৱৰ্কশ্বপসমূহক দক্ষতা শ্বিল্ড প্ৰদান কৰা হয়। ৰাজভাষাৰ কাম-কাজত নিয়োজিত ৰে'লৱে বিষয়াবৰ্গ, ইউনিয়ন/সংগঠন আৰু ক্ৰীড়াত নিয়োজিত ৰে'ল বিষয়াবৰ্গক যোৱা বছৰত তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে সন্মানিত কৰা হয়।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande