নতুন দিল্লীত প্লেটফৰ্মৰ টিকটৰ বিক্ৰী বন্ধ, ষ্টেচনত ভিৰ নিয়ন্ত্ৰণৰ বাবে নিয়োজিত চি আৰ পি এফ
নতুন দিল্লী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। যাত্ৰীৰ সুচাৰুৰূপে চলাচল নিশ্চিত কৰিবলৈ নৰ্দাৰ্ণ ৰেলৱেই নতুন দিল্লী ৰে'ল ষ্টেচনত প্লেটফৰ্মৰ টিকট বিক্ৰী সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে। নতুন দিল্লী ৰেলৱে ষ্টেচনত বিয়লি ৪ বজাৰ পৰা ১১ বজাৰ ভিতৰত আগন্তুক এসপ্তাহৰ
रेलवे


নতুন দিল্লী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। যাত্ৰীৰ সুচাৰুৰূপে চলাচল নিশ্চিত কৰিবলৈ নৰ্দাৰ্ণ ৰেলৱেই নতুন দিল্লী ৰে'ল ষ্টেচনত প্লেটফৰ্মৰ টিকট বিক্ৰী সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে। নতুন দিল্লী ৰেলৱে ষ্টেচনত বিয়লি ৪ বজাৰ পৰা ১১ বজাৰ ভিতৰত আগন্তুক এসপ্তাহৰ বাবে প্লেটফৰ্মৰ টিকট প্ৰদান কৰা নহ'ব। নতুন দিল্লী ৰে’লৱে ষ্টেচনত মোতায়েন কৰা হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু দিল্লী আৰক্ষী।

সোমবাৰে উত্তৰ ৰে’লৱেৰ চিপিআৰঅ’ হিমাংশু শেখৰ উপাধ্যায়ে কয় যে নতুন দিল্লী ৰে’লৱে ষ্টেচনত সন্ধিয়া ৪ বজাৰ পৰা ১১ বজালৈ প্লেটফৰ্মৰ টিকটৰ বিক্ৰী অহা এসপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে যাতে ভিৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

উল্লেখযোগ্য যে শনিবাৰে নতুন দিল্লী ৰে’লৱে ষ্টেচনত হোৱা থেলাহেঁচাৰ ঘটনাৰ ফলত ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande