চিআইটিত ৰাজ্যপালৰ বিটিআৰৰ কৃষক, কাৰিকৰ, শিপিনী আৰু উদ্যোগীসকলৰ সৈতে মত বিনিময়
- স্বাৱলম্বী অসম আৰু বিটিআৰৰ যাত্ৰাত অৱদানৰ বাবে ৰাজ্যপালৰ আহ্বান কোকৰাঝাৰ, ১৭ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ সমৃদ্ধিৰ দিশত তেওঁলোকৰ অৱদানে অসমৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰ
চিআইটিত ৰাজ্যপালৰ বিটিআৰৰ কৃষক, কাৰিকৰ, শিপিনী আৰু উদ্যোগীসকলৰ সৈতে মত বিনিময়


- স্বাৱলম্বী অসম আৰু বিটিআৰৰ যাত্ৰাত অৱদানৰ বাবে ৰাজ্যপালৰ আহ্বান

কোকৰাঝাৰ, ১৭ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ সমৃদ্ধিৰ দিশত তেওঁলোকৰ অৱদানে অসমৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাজ্যৰ বয়ন, উদ্যোগীকৰণ আৰু জৈৱিক কৃষিৰ ক্ষেত্ৰত ব্যক্তিসকলৰ উল্লেখযোগ্য অৱদানৰ বাবে ৰাজ্যপাল আচাৰ্যই শলাগ লয়।

গুৱাহাটীৰ বাহিৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ঐতিহাসিক অসম বিধানসভাৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ দেওবাৰে তেওঁ কোকৰাঝাৰলৈ আহিছিল । আজি কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত কৃষক, কাৰিকৰ, শিপিনী আৰু উদ্যোগীসকলৰ সৈতে এক ইন্টাৰেক্টিভ বৈঠকত মিলিত হয়।

ৰাজ্য আৰু বিটিআৰক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত কৃষক, কাৰিকৰ, শিপিনী আৰু উদ্যোগীসকলে আগবঢ়োৱা ভূমিকা আৰু সেৱা অসাধাৰণ বুলি উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে। তেওঁ তেওঁলোকক পৰৱৰ্তী প্ৰজন্মৰ উদ্যোগীসকলৰ বাবে আদৰ্শ হ’বলৈও কয়, যাতে অসম আৰু বিটিআৰে দেশৰ উদ্যোগীকৰণৰ পৰিৱেশ তন্ত্ৰত স্থান খোদিত কৰিব পাৰে। ৰাজ্যপালগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য আৰু পৰিষদীয় চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে কৃষকসকলক সহায় কৰাৰ অক্লান্ত প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। তেওঁ সকলোকে এই পদক্ষেপসমূহৰ সুবিধা লৈ অঞ্চলটোত আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কয়। বহনক্ষম কৃষি পদ্ধতিক উৎসাহিত কৰি তেওঁ জোৰ দি কয় যে জৈৱিক আৰু পদ্ধতিগত কৃষিয়ে কৃষকসকলক চাকৰি সৃষ্টিকাৰীলৈ ৰূপান্তৰিত কৰাৰ সম্ভাৱনা আছে। সেয়েহে আচাৰ্যই উপস্থিত সকলোকে আহ্বান জনায় যে তেওঁলোকে অধিক আত্মনিৰ্ভৰশীলতা আৰু বৃদ্ধি নিশ্চিত কৰিবলৈ প্ৰাকৃতিক কৃষি আৰু জলবায়ু স্থিতিস্থাপক শস্য খেতিৰ দৰে আধুনিক কৃষি গ্ৰহণ কৰিবলৈ আনক অনুপ্ৰাণিত কৰক।

ৰাজ্যপালগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাত সকলোকে শুনিবলৈ আহ্বান জনায় আৰু ইয়াক প্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে। কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যপালগৰাকীয়ে অসম অমৃত সৰোৱৰ, সদ্ভাৱনা সংগত উৎসা যোজনাৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰী কোকৰাঝাৰৰ জিলা উপায়ুক্তক গতাই দিয়ে যাতে তেওঁ হিতাধিকাৰীক গতাই দিব পাৰে।

এই কাৰ্যসূচীত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বডো, বিটিচিৰ প্ৰধান সম্পাদক আকাশদীপ, পদ্মশ্ৰী বঁটা বিজয়ী ড° মংগল সিং হাজোৱাৰী আৰু ড° অনিল কুমাৰ বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande