নতুন দিল্লী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। দিল্লী-এনচিআৰৰ কেইবাটাও স্থানত সোমবাৰে পুৱা ৪.০ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি সোমবাৰে পুৱা ০৫:৩৬ বজাত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। এতিয়ালৈকে কোনো লোকচানৰ খবৰ পোৱা নাই।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে লিখিছে, ‘দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। সকলোকে শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষাৰ সাৱধানতা মানি চলিবলৈ আহ্বান জনোৱা হৈছে। সম্ভাৱ্য জোকাৰণিৰ প্ৰতি সজাগ হোৱাৰ প্ৰয়োজন। পৰিস্থিতি নিৰীক্ষণ কৰি আছে সংশ্লিষ্ট বিষয়াসকলে।’
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া