কামৰূপ, ১৭ ফেব্ৰুৱাৰী (হি.স.)। আজিৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিগাৰুৰ ঐতিহাসিক বৰচিলা দেহাল থানত অনুষ্ঠিত হৈছে ৩৩ সংখ্যক কেন্দ্রীয় কাৰ্বি দেহাল( ৰংকেৰ) কাচিৰ্দম উৎসৱ। কাৰ্বি বাংঠে আছেম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বৰচিলা আঞ্চলিক কাৰ্বি বাংঠে আছেমৰ সহযোগত অনুষ্ঠিত উৎসৱৰ আজি প্ৰথমদিনা বিৰকিলুত কাৰ্যসূচী যুটীয়াভাবে মুকলি কৰে জলেশ্বৰ ইংতি আৰু বিপুল টাৰই। বৃক্ষৰোপন কাৰ্যসূচী মুকলি কৰে সমাজসেৱক সিদ্ধেশ্বৰ ৰংহাঙে। ইয়াৰ পাছতে উৎসৱৰ মূল পতাকা উত্তোলন কৰে কাৰ্বি বাংঠে আছেম কেন্দ্রীয় সমিতিৰ সভাপতি লক্ষেশ্বৰ ৰংহাঙে।
উল্লেখ্য যে মূল পতাকাৰ সমান্তৰালকৈ অন্যান্য ৩২খন পতাকা উত্তোলন কৰে কৰে অঞ্চলটোৰ বাংঠাই আৰু বিশিষ্ট ব্যক্তিসকলে। ইয়াৰ পাছতে স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে পবন টেৰনে, স্বেচ্ছাসেৱক কাৰ্যালয় মুকলি কৰে প্ৰাক্তন গাওঁপ্ৰধান বৈকুণ্ঠ নাথে আৰু অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় মুকলি কৰে জনজাতীয় নেতা মুকুন্দ বেই। ইয়াৰ পাছতে কাৰ্বি জনগোষ্ঠীৰ জীৱন ধাৰণ প্ৰণালীৰ ওপৰত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে উপেন্দ্ৰ সিং ৰংপিয়ে। উল্লেখ্য যে ভৈয়ামৰ কাৰ্বিসকলৰ লোকাচাৰ, পৰম্পৰা, কৃষি পদ্ধতি আদিৰ ওপৰত প্ৰদৰ্শিত প্ৰদৰ্শনীখনে দৰ্শক- ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।
ইয়াৰ পাছতে খাদ্য শিৱিৰ মুকলি কৰে অসম ভৈয়াম কাৰ্বি আদৰবাৰৰ সম্পাদক অজিত কাঠাৰে, মূল মঞ্চ মুকলি কৰে সমাজ সেৱী ভোলাৰাম ক্ৰই।ইফালে ঐতিহ্যমণ্ডিত বৰচিলা দেহাল থানত আটোম- টোকাৰীকৈ স্থায়ীভাবে নিৰ্মান কৰা দ্বাৰ মুকলি কৰে বিশিষ্ট ব্যবসায়ী ভাগ্য টেৰাঙে।আনহাতে কাচিৰ্দম উৎসৱ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ হেমফু সোণাপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° মণিৰাম কলিতাই। ইয়াৰ পাছতে প্ৰতিনিধি সভা, গোসাঁই আদৰণি পৰ্বৰ লগতে সন্ধিয়ালৈ অনুষ্ঠিত হয় সম্বৰ ৰংপি সোঁৱৰণী বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। ইফালে কাইলৈ অনুষ্ঠিত হ'ব লগীয়া মুকলি সভাত ৰাজ্যৰ কেইবাজনো মন্ত্রী, বিধায়ক সাংসদ উপস্থিত থাকিব বুলি উদযাপন সমিতিৰ সম্পাদক প্ৰশান্ত ৰংহাঙে জনাইছে ।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar