গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। ট্ৰিডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা, বিশাল ফুকন আৰু চুমিৰ স্বামী তাৰ্কিক বৰাৰ জামিন আবেদন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ গোচৰটোত জামিন নাকচ কৰিছে আদালতে।
উল্লেখ্য যে ট্ৰিডিং কেলেংকাৰীত অভিযুক্ত হোৱা চুমি, তাৰ্কিকহতে পুনৰ ডিব্ৰুগড় জেলতে থাকিব লাগিব। বহু দিনৰে পৰা জামিনৰ বাবে আবেদন কৰি কৰি ভাগৰি পৰিছে চুমি। সোমবাৰে পুৱা ভাগতে জামিন আবেদন নাকচ কৰাৰ খবৰ পোৱাৰ পাছতে জেলতে ভাগি পৰে চুমি।
প্ৰাপ্ত খবৰ অনুসৰি, জেলৰ ভিতৰতে এই খবৰ শুনি হুকহুকাই কান্দি দিয়ে চুমিয়ে। আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শায় অধিবক্তা মাখন ফুকনে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী