পৰাজয়ৰ ইতিহাস ৰচা ভূপেন বৰাৰ লম্ফজম্ফক লৈ বিজেপিয়ে মূৰ ঘমোৱা নাই-ৰাজ্যিক বিজেপি
-ৰাজনৈতিক আক্ৰমণ নহয়, দেশৰ নিৰাপত্তাৰ স্বাৰ্থত উঠা অভিযোগৰ উত্তৰ দিয়ক কংগ্ৰেছে- অসম প্ৰদেশ বিজেপি গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। নিৰ্বাচনত ধাৰাবাহিকভাৱে পৰাজয়ৰে ইতিহাস ৰচা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লম্ফজম্ফক লৈ অসমৰ বিজেপি চৰকাৰে মূৰ ঘমাব
ভাজপা (লোগো ফোটো)


-ৰাজনৈতিক আক্ৰমণ নহয়, দেশৰ নিৰাপত্তাৰ স্বাৰ্থত উঠা অভিযোগৰ উত্তৰ দিয়ক কংগ্ৰেছে- অসম প্ৰদেশ বিজেপি

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। নিৰ্বাচনত ধাৰাবাহিকভাৱে পৰাজয়ৰে ইতিহাস ৰচা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লম্ফজম্ফক লৈ অসমৰ বিজেপি চৰকাৰে মূৰ ঘমাবলগীয়া হোৱা নাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰতি এই কটাক্ষ অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ। আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈৰ যুটীয়া সংবাদমেলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক বিবৃতি যোগে অসম প্ৰদেস বিজেপিৰ মুখপাত্ৰ গোস্বামীয়ে কয় যে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত যিবোৰ অভিযোগ উত্থাপন কৰিছিল, এটা অভিযোগৰো উত্তৰ দিবলৈ সাংসদজন সক্ষম ন হল। বৰং কেতবোৰ বেবেৰিবাং কথাৰে গোটেই বিষয়টোৰ পৰা ফালৰি কাটি সাংসদজনে পাকিস্তানীৰ লগত থকা সম্পৰ্ক সন্দৰ্ভত অধিক সন্দেহৰ মাজতহে সোমাই পৰা দেখা গল। কংগ্ৰেছৰ দেশ বিৰোধী মানসিকতা এয়াই প্ৰথম নহয়, সৌসিদিনা কংগ্ৰেছৰ নতুন কাৰ্যালয় উদ্বোধনৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজ কৰিম বুলি কোৱা কথা কোনেনো নাজানে।

মুখপাত্ৰ গোস্বামীয়ে পুনৰ কয় যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈ আৰু তেঁওৰ পত্নীৰে পাকিস্তানী বিষয়াৰে সম্পৰ্ক থকা বুলি অনা অভিযোগৰ প্ৰত্যুত্তৰত সংবাদমেল অুনুষ্ঠিত কৰকিছিল যদিও এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক ৰাজনৈতিক আক্ৰমণ কৰাহে দেখা গল। স্বাভাৱিকতে কংগ্ৰেছ নেতাদুজনৰ মূল বিষয়ৰ পৰা পলায়নবাদী মানসিকতাই সাংসদ আৰু তেওঁৰ পত্নী অধিিক ৰহস্যৰ আৱৰ্তত সোমাই পৰা বুলিহে সন্দেহ ঘনীভূত হৈছে।

বিবৃতিটোত পুনৰ কয় যে কংগ্ৰেছে ৰাজ্যৰ বিজেপি চৰকাৰখনক গালি গালাজ কৰিবলৈ পিছেপৰেও সময় পাব, কিন্তু পাকিস্তানী বিষয়াৰে থকা সম্পৰ্ক সন্দৰ্ভত ৰাইজে বপিচৰা ধৰণে প্ৰথমে স্পষ্ট উত্তৰ দিয়ক। কাৰণ আপোনালোকৰ এই বিষয়ৰ লগত দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা জড়িত হৈ আছে। লগতে বিবাহৰ ৰচ বছৰ পিছতো সাংসদ পত্নীয়ে একমাত্ৰ গৌৰৱ গগৈকহে ভাল পাই, সেইকাৰণে চাগৈ ভাৰতীয় নাগৰিকত্ব লৈ নিজকে ভাৰতীয় আৰু অসমীয়া বুলি পৰিচয় দিবলৈ বিচৰা নাই বুলিও গোস্বামীয়ে কটাক্ষ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande